লখিমপুৰ জিলাৰ বৈদিক বৈষ্ণৱ মহাসভাৰ ত্ৰয়োদশ দ্বি-বাষিক অধিৱেশনখন ১২ আৰু ১৩ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ শ্ৰী শ্ৰী কেশৱ চৰণ আতা থান,ভাটোকুছি ধলপুৰত অনুস্থিত হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা দিয়া নাম, কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুস্থিত হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে লক্ষীমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি প্ৰবীণ বৰুৱাই। মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি মহেন্দ্ৰ নাথ কোঁৱৰে। ধূৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে উদ্বোধনী ভাষন প্ৰদান কৰা সভাত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মকান্ত মহন্ত, লক্ষীমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ উপদেষ্টা হৰি প্ৰসাদ দত্তকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। আনহাতে, উক্ত ধৰ্মলোচনী সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰে অসম গৌৰব গীতাচাৰ্য তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ মাননীয় সহ সংঘ চালক পুৰন্দৰ বৰুৱাই।, তেখেতে বেদ আৰু ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ ওপৰত ৰখা বক্তব্যই সকলোকে চিন্তাৰ খোৰাক দিবলৈ সক্ষম হয়। নিশা নিমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰ মহাৰথী কৰ্ণ নাট মঞ্চস্থ কৰা হয় ।