শাওণ মাহত শণি বাৰৰ মহত্ব
শাওণ মাহৰ সোমবাৰৰ যিদৰে মহত্ব আছে সেইদৰে শাওণ মাহৰ শণিবাৰৰো মহত্ব আছে । কাৰোবাৰ যদি শণি গ্ৰহৰ স্থান বেয়া থাকে, জন্ম কুণ্ডলীত শণিৰ দৃষ্টি বেয়া থাকে আৰু শণি বাৰে ব্ৰত কৰাৰ কথা চিন্তা কৰিছে তেন্তে সেই ব্ৰত শাওণ মাহৰ শণিবাৰ এটাৰ পৰা আৰম্ভ কৰিব লাগে।
স্কণ্ড পুৰাণৰ মতে শণিবাৰে ব্ৰত কৰিলে লগতে ভগৱান শিৱকো উপাসনা কৰিব লাগে তেতিয়াহে শণি গ্ৰহৰ বেয়া দৃষ্টিৰ পৰা হাত সাৰিব পাৰি।
ভগৱান শিৱই শণি দেৱৰ গুৰু আৰু তেৱেঁই শণি দেৱক ন্যায়াধীশ পদ দিছে যাৰ বাবে শণি দেৱে মানুহক কৰ্ম অনুসৰি ফল দিয়ে । সেয়ে শাওণ মাহত ভগৱান শিৱৰ লগতে শণি দেৱকো উপাসনা কৰা হয়।
আহত গছৰ ওপৰৰ ভাগটোত ভগৱান শিৱ ই বাস কৰে আৰু তাৰ ওচৰতে শণিদেৱেও বাস কৰে বুলি কোৱা হয়। সেয়ে ভগৱান শিৱ আৰু শণিদেৱক প্ৰসন্ন কৰিবৰ বাবে আহত গছক পূজা কৰাৰ বিধান আছে।
লিঙ্গ পুৰাণৰ মতে শণিবাৰে আহত গছৰ স্পৰ্শ কৰিলে আয়ুস বৃদ্ধি হয়। শণিবাৰৰ দিনা পুৱা সোনকালে উঠি গা ধুই দুই হাতেৰে আহত গছক ধৰি সেৱা কৰি ১০৮ বাৰ ‘ ওম নমঃ শিৱায় ‘ জপ কৰিলে আকস্মিক মৃত্যু হোৱাৰ পৰা হাত সাৰিব পাৰি।
শাওণৰ শণিবাৰত শণি মন্দিৰলৈ গৈ শণি দেৱৰ মূৰ্তিক তিল তেলেৰে অভিষেক কৰিব লাগে। শণি মন্দিৰত নীলা ৰঙৰ ফুল আৰু নিলাজী বনৰ পাত অৰ্পণ কৰিব লাগে।