
গুৱাহাটী, ১৫ ডিচেম্বৰঃ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আজি অন্তিম দিনা প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান প্ৰদান কৰা হয় ৷ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানৰে সংগতি ৰাখি এই বঁটা প্ৰদান কৰে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে ৷ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰা এই অনুষ্ঠানত প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ গ্ৰহণ কৰে নেপালী ভাষাৰ বৰ্ষীয়ান সাহিত্যিক বিদ্যাপতি দাহালে ৷ সংস্কৃত পণ্ডিৎ, ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী দাহালে নেপালী ভাষাৰ লগতে ৰাষ্ট্ৰভাষা হিন্দীতো মননশীল সাহিত্য সৃষ্টি কৰি সুনাম অৰ্জন কৰিছে ৷ ভাষা-ব্যাকৰণৰ পাণ্ডিত্যৰে উজলি উঠা দাহালে সাহিত্যৰ মাজেৰে লোক-জীৱনকো প্ৰতিফলিত কৰিছে ৷ বঁটা গ্ৰহণ কৰি দাহালে কয়—“ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বঁটা প্ৰাপ্তিয়ে উৎসাহ আৰু আনন্দ প্ৰদান কৰিছে ৷” আনহাতে প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা-২০২৪ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱাল গাঁৱৰ যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞাই৷ ১৯৯০ চনত জন্ম লাভ কৰা সুপ্ৰকাশ ভূঞাৰ পিতৃ-মাতৃ ক্ৰমে শান্তিৰাম ভূঞা আৰু ৰাণু ভূঞা ৷ তেওঁ ৰচনা কৰা গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি আগশাৰীৰ সাহিত্য আলোচনীত ছপা হৈ আহিছে ৷ সমান্তৰালকৈ সমাজ-ৰাজনৈতিক বিষয়ক লৈও তেওঁ গৱেষণামূলক নিবন্ধ ৰচনা কৰি এক নিজস্ব বৌদ্ধিক পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷বঁটা গ্ৰহণ কৰি তেওঁ কয় যে স্বীকৃতিয়ে মানুহক নতুন কাম কৰিবলৈ উৎসাহিত আৰু দায়ৱদ্ধ কৰে ৷ এই বঁটা লাভ কৰি ময়ো প্ৰেৰণা লাভ কৰিছোঁ ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ভাষণ প্ৰসংগত কয়—“ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ এক অভিনৱ পদক্ষেপ ৷ শিপাৰ সন্ধানত আয়োজন কৰা এই সাহিত্য উৎসৱে নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে ৷ বিশেষকৈ তৰুণ প্ৰজন্মৰ বাবে এয়া অতি প্ৰয়োজনীয় ৷ ইয়াৰ আলোচনাৰ বিষয়বোৰে ঐতিহ্য-পৰম্পৰা, সমাজ-সভ্যতাক, স্ববোধ-স্বাভিমানক সামৰি লৈছে ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সমগ্ৰ সৃষ্টিকৰ্মত জাতীয় দায়ৱদ্ধতা, সম্প্ৰীতি, বিশ্বজনীন দৰ্শন বিচাৰি পোৱা যায় ৷ এয়া দৰাচলতে আমাৰ সমাজ-সংস্কৃতিৰ দৰ্শন ৷ নতুন প্ৰজন্মই এই কথাবোৰ অনুধাৱন কৰিবলৈ উদ্বুদ্ধ হ’ব লাগিব ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে এনে পৰিৱেশ গঢ়ি তুলিব বুলি নিশ্চয় আশা প্ৰকাশ কৰিব পাৰি ৷” অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° স্মৃতি কুমাৰ সিন্হা, সাহিত্য একাডেমি বঁটা প্ৰাপক সাহিত্যিক, বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, প্ৰাগজ্যোতিষপুৰ সহিত্য উৎসৱ-২০২৪ৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই ৷
সামৰণি সভাত শাস্ত্ৰীয় কণ্ঠশিল্পী শৰৎ ৰাগে পৰিৱেশন কৰা বৰগীতে সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে হীৰকজ্যোতি শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়ায় প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° যোগেশ কাকতিয়ে ৷