পুনৰ লাভ জিহাদৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত।
বাবু আলী এতিয়া জয়সাগৰ আৰক্ষীৰ জিম্মাত । শিৱসাগৰৰ ২ নং শলগুৰিৰ এগৰাকী যুৱতীক প্ৰৱঞ্চনাৰে অপহৰণ কৰিছিল এই দুৰ্বৃত্তই। হিন্দু যুৱকৰ পৰিচয় লৈ সম্পৰ্ক স্থাপন কৰিছিল অসমীয়া যুৱতীগৰাকীৰে । ৰংঘৰ চাৰিআলিত ভাড়াতীয়া হিচাপে থকা বাবু আলীয়ে ২১ আগষ্টত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰে । তেজপুৰৰ বাসিন্দা বাবুৱে যুৱতীগৰাকীক লৈ যায় গহপুৰলৈ । তাতেই বাবু আলীৰ প্ৰকৃত পৰিচয় লাভ কৰে যুৱতীগৰাকীয়ে । ভুৱা পৰিচয় দি অপহৰণ কৰি নিয়া যুৱতীগৰাকীক গহপুৰত আৱদ্ধ কৰি ৰাখি নিৰ্যাতন চলায় । অভিযোগ মতে, যুৱতীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে বাবু আলীয়ে । পিছত জয়সাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক ।
শিৱসাগৰৰ ঘটনা কোনো সাধাৰণ প্ৰেম প্ৰৱঞ্চনাৰ ঘটনা নহয় । পৰিস্থিতি তথা ঘটনাৰ বিশ্লেষণে স্পষ্ট ৰূপত প্ৰমাণ কৰে এইয়া এক লাভ জিহাদৰ ঘটনা । অসমত চুকে-কোণে সোমাই আছে এনে হাজাৰজন লাভ জিহাদী যাৰ লক্ষ্যই হ’ল হিন্দু জীয়ৰী-বোৱাৰী । প্ৰলোভন-কৌশলেৰে হিন্দু জীয়ৰী-বোৱাৰীক বশ কৰি পৱিত্ৰতা নষ্ট কৰাৰ ভয়ানক চক্ৰান্ত চলি আছে দেশৰ অন্য প্ৰান্তৰ দৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলটো ।