গুৱাহাটী : অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠাপক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নামত পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তি সম্পাদিত হয়। অসম চৰকাৰৰ হৈ উচ্চ শিক্ষা বিভাগৰ সচিব মধুসুধন নাথ আৰু বিশ্ব ভাৰতীৰ পঞ্জীয়ক আশোক কুমাৰ মাহাতোৱে এই চুক্তিত স্বাক্ষৰ কৰে।
দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে অসমবাসীৰ হৈ বিশ্ব ভাৰতীৰ উপাচার্য অধ্যাপক অৰবিন্দ মণ্ডল আৰু বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্ব ভাৰতীৰ প্ৰতি যি দৃষ্টিভংগী পোষণ কৰিছিল, সেই দৃষ্টিভংগীক এই বুজাবুজিৰ চুক্তিৰে আৰম্ভ হোৱা অংশীদাৰিত্বই স্বৰূপাৰ্থত প্রতিফলিত কৰিছে। মুখ্যমন্ত্ৰীয়ে কবিগুৰুৰ উক্তি দাঙি ধৰি কয় যে বিশ্ব-ভাৰতীয়ে সেইখন ভাৰতক প্রতিনিধিত্ব কৰে যিখন ভাৰত বৌদ্ধিক সম্পদত চহকী। সেই সম্পদ সকলোৰে বাবে। নিজৰ শ্ৰেষ্ঠ সংস্কৃতিৰ আতিথ্য আনক আগবঢ়োৱাৰ ভাৰতবৰ্ষৰ যি আকাংক্ষা আৰু আনৰ পৰা তেওঁলোকৰ শ্ৰেষ্ঠত্ব গ্ৰহণ কৰাৰ ভাৰতবৰ্ষৰ যি অধিকাৰ তাক বিশ্ব-ভাৰতীয়ে স্বীকাৰ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে এই বুজাবুজি চুক্তিৰ জৰিয়তে আৰু শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্রতিষ্ঠাৰ বাবে তেওঁলোকৰ দায়বদ্ধতা প্রকাশ কৰি বিশ্ব ভাৰতীয়ে সামগ্রিকভাবে বিশ্ববাসীক গুৰুজনাৰ অৱদান আৰু সৃষ্টিৰ মাজেৰে অসমে আগবঢ়াব পৰা জ্ঞানৰ সৰ্বোত্তম সম্পদ গ্রহণ কৰিছে। তেওঁ কয় যে অসম চৰকাৰে ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজি, তেওঁৰ শিক্ষা আৰু মতাদৰ্শ আৰু অসমৰ ভক্তি আন্দোলনৰ ওপৰত গৱেষণা আৰু অধ্যয়নৰ সুবিধা প্রদানেৰে শ্ৰীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা কৰিছে।
এই আসন প্রতিষ্ঠাৰ বাবে অসম চৰকাৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়লৈ প্রয়োজনীয় সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্রীয়ে কয় । শ্রীমন্ত শংকৰদেৱ আৰু ভক্তি আন্দোলনৰ ওপৰত অধ্যয়ন আৰু গৱেষণা অসম আৰু ভাৰতৰ সীমাৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাটো হৈছে এই আসনখন প্রতিষ্ঠাৰ অন্যতম মুখ্য উদ্দেশ্য। এই আসনখনে শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকলৰ জীৱন, শিক্ষা আৰু কৰ্মৰাজি বিশেষভাৱে উল্লেখ কৰি অসমৰ ভক্তি আন্দোলনৰ ওপৰত অসমৰ বাহিৰত অধ্যয়ন আৰু গৱেষণাৰ সুযোগ সৃষ্টি কৰিব। মুখ্যমন্ত্রীয়ে কয় যে আসনখনৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল ৰাজ্যৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক সংগঠিত কৰি অসমৰ ইতিহাস, সাহিত্য, সংস্কৃতি আৰু প্রতিষ্ঠানসমূহৰ ওপৰত অধ্যয়ন আৰু গৱেষণাৰ কাম হাতত লোৱা। এই আসনখনে ভক্তি আন্দোলনৰ ওপৰত ডক্টৰেল আৰু পোষ্ট ডক্টৰেল গৱেষণাৰ সুবিধা প্রদান কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ, তেৰাৰ ৰচনা আৰু ভক্তি আন্দোলনৰ ওপৰত আলোচনা চক্র, সম্মিলন আৰু বক্তৃতা আদিৰ আয়োজন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসমৰ বাহিৰে ভাৰতৰ মুঠ ৫ খন বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্রতিষ্ঠা কৰিবলৈ প্রচেষ্টা হাতত লৈছে।
পোন্ধৰ শতিকাত ভাৰতৰ আকাশত কেইবাগৰাকীও মহাপুৰুষৰ আৰ্বিভাৱ হোৱাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে ভক্তি আন্দোলন তথা কৃষ্ণ আন্দোলনে এক নতুন ৰূপ পাইছিল। তেওঁ কয় যে ভাৰতীয় প্রেক্ষাপটত ৰামানুজন, চৈতন্য বল্লভাচার্য, মাধৱাচার্য আদি মহাপুৰুষৰ জ্ঞানগর্ভ শিক্ষা দেশৰ যিকোনো প্রান্ততে আহৰণ কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জনসাধাৰণৰ জ্ঞান কেৱল শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰতে সীমিত হৈ আছে। মুখ্যমন্ত্রীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সমগ্র মানৱ জাতিৰ সম্পদ। তেখেতৰ শিক্ষা, ইতিহাস, চেতনা অসমৰ সীমাৰেখাৰ ভিতৰত আৱদ্ধ হৈ থকাৰ বিষয় নহয়।
শংকৰদেৱৰ পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, জাতিবাদৰ বিৰুদ্ধে সংগ্রাম আদিয়ে অসমৰ পৰিধি অতিক্রমী সমগ্ৰ মানৱ জাতিক আকৃষ্ট কৰিছে। কিন্তু দুর্ভাগ্যজনকভাৱে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চেতনাক ভাৰতবৰ্ষৰ অন্যান্য প্রান্ত তথা বিশ্ববাসীৰ কাষলৈ নিব পৰা নাই। তেওঁ কয় যে ভাৰতৰ পাঁচখন বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলে ভক্তি আন্দোলন, অসমত তাৰ প্রভাৱ আৰু সমগ্র ভক্তি আন্দোলনৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতীয়ত্ববোধৰ যি চিন্তা সমাজত দাঙি ধৰিছিল তাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগুৱাই লৈ যাব লাগিব। পোন্ধৰ শতিকাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে যি ৰাষ্ট্ৰীয়তাবাদৰ উন্মেষ সাধন কৰিছিল সেয়া সমসাময়িক পণ্ডিতসকলৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাছিল। শংকৰদেৱে তেওঁৰ ৰচনাৰাজিৰে ভাৰতৰ পৰম্পৰা, সংস্কৃতি, সনাতন দর্শন আৰু জাতি বর্ণ নির্বিশেষে সমগ্র হিন্দু সমাজক একত্রিত কৰিবলৈ সক্ষম হৈছিল ।
সংকীর্ণ মানসিকতাৰ পৰা মুক্ত কৰি এখন বৃহৎ অসমীয়া সমাজ গঢ় দিবলৈ তেওঁ সক্ষম হৈছিল। এই দৰ্শনৰ বাবে আজি নামঘৰত সকলো জাতি-জনগোষ্ঠীয়ে ভক্তিভাৱ নিবেদন কৰিব পাৰে। শংকৰদেৱৰ বাস্তৱিক দৰ্শনৰ বাবে সৰ্বসাধাৰণৰ মাজত তেখেতৰ আদৰ্শ গভীৰভাৱে সমাদৃত হৈছিল। দেশৰ এখন পিছপৰা ৰাজ্যত মহাপুৰুষগৰাকীয়ে জন্মগ্রহণ কৰিলেও তেওঁৰ লিখনি আৰু দৰ্শনত ভাৰত বন্দনা প্রতিফলিত হৈছিল। মহাপুৰুষগৰাকীয়ে সংস্কৃতিৰ মাধ্যমেৰে এক চিন্তাৰ ঐক্যতানেৰে ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি শক্তিশালীভাৱে তুলি ধৰিছিল। এনেধৰণৰ দৰ্শন সমসাময়িক ভাৰতবৰ্ষৰ মহাপুৰুষসকলৰ মাজত দেখিবলৈ পোৱা নাযায় যিটো আজিৰে পৰা পাঁচশ বছৰ পূৰ্বে শংকৰদেৱে সাংস্কৃতিক ঐক্যতানেৰে ভাৰতীয়বোধৰ প্ৰসাৰ কৰিছিল।
এই অনুষ্ঠানত শিক্ষামন্ত্রী ৰণোজ পেগু, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক অৰবিন্দ মণ্ডল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।