মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ডেনমার্কৰ ন’ভ নর্ডিক্স ফাউণ্ডেশ্যনৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
এই চুক্তিৰ ফলত শৈক্ষিক উদ্ভাবনী গোট, চিমুলেশ্যন লেব ইত্যাদি আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ত স্থাপনৰ লগতে ৰাজ্যখনৰ নাৰ্ছিং শিক্ষাৰ উন্নতি সাধন কৰিব পৰা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়ে নাৰ্ছিং খণ্ডত প্রতিষ্ঠানিক ক্ষমতা উন্নত কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত স্বাস্থ্য আৰু নাৰ্ছিং খণ্ডত জ্ঞানৰ আদান প্রদানটো সহায় কৰিব। এই বুজাবুজি চুক্তিৰ অংশ হিচাপে আৰম্ভণিতে ৬ কোটি টকাৰ আর্থিক সহায় আগবঢ়োৱা হ’ব। তদুপৰি এই বুজাবুজি চুক্তিয়ে নির্দিষ্ট সময়ৰ ভিতৰত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ দিশতো কাম কৰিব।
এই উপলক্ষে জনতা ভৱন পৰিসৰৰ লোকসেবা ভৱনত আয়োজিত সভাত শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ লগত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ন’ভ নর্ডিক্স ফাউণ্ডেশ্যনৰ নেতৃত্ব দিয়া জ্যেষ্ঠ বৈজ্ঞানিক ড° জেকব ইউলিয়ামছ অৰবাৰ্গক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে স্বাস্থ্য খণ্ডক অগ্রাধিকাৰ দি স্বাস্থ্য খণ্ডৰ সামগ্রিক সংস্কাৰ অনাৰ লগতে ইয়াৰ বিভিন্ন পৰিমাপ উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেওঁ লগতে কয় যে ন’ভ নর্ডিক্স ফাউণ্ডেশ্যনৰ সৈতে হোৱা অংশীদাৰিত্বই ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে এক সহযোগিতামূলক ব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব। তেওঁ আশা প্রকাশ কৰে যে এই অংশীদাৰিত্বৰ সহায়ত নাৰ্ছিং খণ্ডৰ উদ্ভাৱন আৰু মানৱ সম্পদ উন্নয়নে স্বাস্থ্য খণ্ডত এক বিশেষ মাত্ৰা প্ৰদান কৰিব। ৰাজ্য চৰকাৰে এই অংশীদাৰিত্ব গ্ৰহণৰ জৰিয়তে ৰাজ্যখন লাভান্বিত হ’ব পৰাকৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
এই অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ধ্ৰুৱজ্যোতি বৰা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।