
শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ (মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ) ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰে চলিত বৰ্ষৰ জীজা মাতা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে ।

ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ তৰফৰ পৰা ১৭ ফ্রেব্ৰুৱাৰীত আয়োজন কৰা হয় এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত ক্ৰীড়া ভাৰতীৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰীযুত ৰাজ চৌধৰীদেৱ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাদেৱে চলিত বৰ্ষৰ জীজা মাতা বঁটাসমূহ প্ৰদান কৰে । উল্লেখ্য, স্ব-প্ৰতিভাৰে উদ্ভাসিত হৈ কঠোৰ শ্ৰম আৰু একনিষ্ঠাৰ মাজেৰে বিদেশৰ মাটিত দেশৰ গৌৰৱ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ক্ৰীড়াবিদ সকলৰ মাতৃক প্ৰতিবছৰে এই পুৰস্কাৰ প্ৰদান কৰি আহিছে ক্ৰীড়া ভাৰতীয়ে এই মৰ্মে চলিত বৰ্ষৰ বঁটা সমূহ প্ৰদান কৰা হয় এই বৰ্ষৰ বাবে হৃদয় শইকীয়াৰ মাতৃ ইভা শইকীয়াক
শিৱ থাপাৰ মাতৃ গমা থাপাক
ৰিয়ান পৰাগৰ মাতৃ মিঠু বৰুৱাক
কল্পনা চৌধুৰীৰ মাতৃ মিৰা চৌধুৰীক
ইলভিছ আলি হাজৰিকাৰ মাতৃ ডিপিকা পাঠক চৌধুৰীক
আৰু হাৰ্ষা সিংহাৰ মাতৃ ৰঞ্জনা সিংহাক
এই ৬ গৰাকীকৈ মাতৃক চলিত বৰ্ষৰ জীজা মাতা বঁটা সমূহ প্ৰদান কৰে ক্ৰীড়া ভাৰতীয়ে । কাৰ্য্যসূচী অনুসৰি মাতৃ কেইগৰাকীক পূজা অৰ্চনাও কৰা হয় ।
বঁটা গ্রহণ কৰি মাতৃ সকলৰ অনুভৱ কথনত ৰিয়ান পৰাগৰ মাতৃ মিঠু বৰুৱাই আবেগিক হয় কয় যে মোৰ জীৱনত সন্মান বহুতো পাইছোঁ কিন্তু আজিৰ দৰে সন্মান মই কেতিয়াও পোৱা নাছিলোঁ ।
আনহাতে কালিৰ এই অনুষ্ঠানত ক্ৰীড়াঅংগণ নামেৰে এখনী গ্ৰন্থ উন্মোচন কৰা হয় । গ্রন্থখনী উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক শ্ৰী যুত বশিষ্ঠ বুজৰবৰুৱাদেৱে ।
অনুষ্ঠানত ক্ৰীড়া ভাৰতীৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী যুত ৰাজচৌধুৰী দেৱে নিজৰ ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াৰ জৰিয়তে এক সুস্থ সমাজ নিৰ্মাণৰ প্ৰচেষ্টাত ক্ৰীড়া ভাৰতীয়ে সমাজত এক বিশেষ ভূমিকা পালন কৰি আহিছে ।
আনহাতে এই অনুষ্ঠানত ক্ৰীড়া কেন্দ্ৰ সমূহৰ পৰা অহা শিক্ষাৰ্থী সকলে বিভিন্ন ধৰণৰ যোগ কলা ,সমৰ কলা প্ৰদৰ্শন কৰে ।