অৰুণাচল প্ৰদেশৰ স্থানীয় ভাষাৰ প্ৰাৰ্থনাৰে আৰম্ভ হয় সমলখা (হাৰিয়ানা)ত আয়োজিত অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ কাৰ্যকৰ্তা সন্মিলনৰ ২২ ছেপ্টেম্বৰ (তৃতীয় দিনা)ৰ প্ৰথম অধিবেশনৰ কাৰ্যসূচীৰ। এই প্ৰাৰ্থনাৰ অৰ্থ আছিল সকলোৰে মংগল হওক।
প্ৰথম অধিবেশনত বনবাসী কল্যাণ আশ্ৰমৰ ৰাষ্ট্ৰীয় সভাপতি সত্যেন্দ্ৰ সিঙে জনজাতীয় সমাজখন বিশাল সনাতনী সমাজৰ ভেটি স্তম্ভ বুলি অভিহিত কৰে। তেওঁ কয়- আমাৰ সকলোৰে শিপা ৰোপিত হৈ আছে অৰণ্যত । প্ৰাচীন বেদৰ ৰচনাতো বনবাসী সমাজে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ প্ৰত্যয়ৰে কয়- সকলো জনজাতীয় সমাজৰ উৎসৱ আৰু পূজা পদ্ধতি সনাতনী পৰম্পৰাৰ আধাৰত উৎপত্তি হোৱা, যাৰ অৰ্থ একে। জনজাতীয় সমাজক পৃথক কৰাৰ ষড়যন্ত্ৰ হৈছে ইংৰাজৰ অৱদান, যিয়ে ইতিহাসক বিকৃত কৰি কিতাপৰ জৰিয়তে এক বিভাজনমুখী বিচাৰধাৰাৰ সৃষ্টি কৰিছিল।
জনজাতীয় সমাজ জমা কৰি ৰখা প্ৰবৎত্তিৰ নহয় । তেওঁলোকে প্ৰকৃতিৰ পৰা সিমানখিনিহে লয়, যিমান লাগে। এনে জনজাতীয় সমাজৰ অস্তিত্ব ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য বুলি তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে লগতে কয়- বৰ্তমান সমাজত বিভেদৰ সৃষ্টি কৰা বিভ্ৰান্তিকৰ আলোচনাৰ পৰা সমাজখনক বচাবলৈ আমাৰ আলোচনা প্ৰতিষ্ঠা কৰা উচিত। বৰ্তমান আমাৰ আলোচনা আমাৰ সংস্কৃতি, অৰণ্য সংস্কৃতি। “নগৰবাসী-বনবাসী , আমি সকলো ভাৰতবাসী”- বনবাসী কল্যাণ কেন্দ্ৰই এই মূলমন্ত্ৰৰ ওপৰত কাম কৰি আছে।
ভাৰতত লাভ জেহাদ আৰু ভূমি জিহাদৰ সমস্যাৰ ওপৰত পোহৰ পেলাই জনজাতি সুৰক্ষা মঞ্চৰ ড০ ৰাজকীশোৰ হান্সদাই কয় যে ঝাৰখণ্ডৰ সন্থাল পৰগনা অঞ্চলত এই সমস্যা দিনক দিনে বৃদ্ধি পাইছে। তাত অনুপ্ৰৱেশ কৰা বাংলাদেশী মুছলমানে সান্থালী জনজাতিৰ ছোৱালীক প্ৰলোভিত কৰি বিয়া কৰাই মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ মাটিও দখল কৰি আছে। আমি সকলোৱে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলাই ধৰ্মৰ সমান্তৰালকৈ আমাৰ ভগ্নী, কন্যা, বন আৰু মাটি ৰক্ষা কৰিব লাগিব- এই আহ্বান হান্সডাৰ ।
নাগালেণ্ডৰ ডাঃ থুম্বাই জেলিয়াঙে উত্তৰ-পূবৰ ৰাজ্যসমূহত ধৰ্মান্তৰকৰণৰ বিষয়ত কয় যে ধৰ্মান্তৰিত লোকসকলে তাত থকা স্থানীয় লোকসকলক বাহিৰৰ মানুহ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। বনবাসী কল্যাণ আশ্ৰমৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু দেশৰ অন্যান্য স্থানত স্থানীয় শিশুসকলক পঢ়া-শুনা কৰিবলৈ দিয়া সা-সুবিধাবোৰ ধৰ্মান্তৰণেৰে জড়িত সকলক শলঠেকত পেলাইছে ।
বাষ্টাৰৰ মাওবাদী সমস্যা সন্দৰ্ভত ছত্তীশগড়ৰ প্ৰদেশ সংগঠন মন্ত্ৰী ৰাম নাথে কয় যে যি জনগোষ্ঠীৰ অস্তিত্ব বন, সেই জনগোষ্ঠীৰ অৰণ্যত মাওবাদীয়ে লেণ্ডমাইন স্থাপন কৰিছে। যাৰ ফলত সেই বনভূমিত তেওঁলোকে মুক্তভাৱে চলাচল কৰিব নোৱাৰে । তেনে অঞ্চলত থকা লোকসকল চৰকাৰী সা-সুবিধাৰ পৰাও হয় বঞ্চিত। কাৰণ সকলোৰে আধাৰ কাৰ্ড নাথাকে । আধাৰ বনাবলৈ যদি চহৰলৈ যায়, তেতিয়া মাওবাদীয়ে তেওঁলোকক চোৰাংচোৱা বুলি কৈ হাৰাশাস্তি কৰে। মৌলিক অধিকাৰ খৰ্ব কৰা হয়। চৰকাৰী বিদ্যালয় আৰু অংগনবাড়ীৰ পকা ঘৰ ভাঙি পেলোৱা হয় কাৰণ তাত নিৰাপত্তা বাহিনী বসবাস কৰিবলৈ আহে। শিক্ষাৰ পৰা বঞ্চিত কৰি মাওবাদীয়ে নিৰক্ষৰতাৰ আৱৰণত গাঁওবাসীক নিজৰ পক্ষলৈ লৈ যায়। এনে জনজাতীয় অঞ্চলত শিক্ষা আৰু স্বাস্থ্য সংস্থাৰ কাম-কাজ সম্প্ৰসাৰণৰ সন্দৰ্ভত কেবাজনো বক্তাই আলোকপাত কৰে ।