News অসমীয়া সমতাৰ ছন্দেৰে জীৱনৰ জয়গান, চাফাই কৰ্মী বস্তিৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত, দশাৱতাৰ আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন ADMIN December 9, 2024 1 min read সমতাৰ ছন্দেৰে জীৱনৰ জয়গান চাফাই কৰ্মী বস্তিৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত, দশাৱতাৰ আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন গুৱাহাটী, ৮ ডিচেম্বৰ – দুজন “ডাক্তৰে” সমগ্ৰ দেশৰ সমস্যাসমূহ গভীৰভাৱে অনুধাৱন কৰি সেইবোৰৰ প্ৰতিকাৰৰ উপায় দেশবাসীক প্ৰদান কৰি গ’ল- সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডা° কেশৱ বলিৰাম হেডগেৱাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেওবাৰে গুৱাহাটীত দুয়োগৰাকী মহান ব্যক্তিক কাৰ্যতঃ এইদৰেই সোঁৱৰে ৰাষ্ট্ৰীয় স্বয়ংসৱক সংঘৰ সহ সৰকাৰ্যবাহ ড° কৃষ্ণগোপাল শৰ্মাই। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ড° বি আৰ আম্বেদকাৰৰ পূণ্য তিথি উপলক্ষে ডা° হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা আয়োজিত “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীৰ্ষক এক আটকধুনীয়া কাৰ্যসূচীত অংশ লৈ দুয়োগৰাকী “ডাক্তৰ”ক শ্ৰদ্ধাৰে সোঁৱৰে সহ সৰকাৰ্যবাহ গৰাকীয়ে । “এজনে সমগ্ৰ হিন্দু সমাজ সংগঠিত কৰি এক যোঁট কৰিলে, আৰু আনজনে সমাজৰ পৰা বিষমতা দূৰ কৰিবলৈ ব্যাপক সংঘৰ্ষ কৰিলে”- দুয়োগৰাকী চিৰ-নমস্য ব্যক্তিক এইদৰে স্মৰণ কৰে সহ সৰকাৰ্যবাহ ড° কৃষ্ণগোপাল শৰ্মাই। উল্লেখনীয় যে, ড° ভীমৰাও আম্বেদকাৰক পূণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ সৰকাৰ্যবাহ ড° কৃষ্ণ গোপাল শৰ্মা, কেবাখনো সত্ৰৰ সত্ৰাধিকাৰ, বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু সকলৰ লগতে সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীৰ্ষক অনুষ্ঠানটোৰ আয়োজন কৰা হয়। অনুষ্ঠানত মহানগৰীৰ চাফাই কৰ্মীসকলৰ আবাস বস্তি অঞ্চলৰ ১১০০ ছাত্ৰী আৰু বিভিন্ন বিদ্যালয়ৰ ১০০ গৰাকী ছাত্ৰীৰ দ্বাৰা বৰগীত, দশাৱতাৰ নৃত্য আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হয় । কণ-কণ ছাত্ৰীসকলৰ এই প্ৰয়াসে অভিভূত কৰে উপস্থিত সকলোকে। মন কৰিবলগীয়া যে, ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মিকী সংগীত বিদ্যালয়ে চাফাই কর্মীসকলৰ প্ৰায় ২১ টা বস্তিলৈ গৈ প্রতিটো বস্তিৰ ল’ৰা-ছোৱালীসকলক সত্ৰীয়া নৃত্য, বৰগীত ভোৰতাল নৃত্য, দেশভক্তিমূলক গীত, লোকনৃত্য, অসম সংগীত আদিৰ প্রশিক্ষণ দি আহিছে। এই বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগতে ড° আম্বেদকাৰৰ স্মৃতিত “সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীর্ষক অনুষ্ঠানটো গুৱাহাটীত বিগত কেইবা বছৰ ধৰি আয়োজিত হৈ আহিছে। দেওবাৰৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ লৈ, আৰ এছ এছৰ সহ সৰকাৰ্যবাহ ড° কৃষ্ণ গোপাল শৰ্মাই ভাৰতীয় সংস্কৃতি বিদেশীৰ দ্বাৰা শ শ বছৰ ধৰি কলূষিত হৈ অহা বুলি আক্ষেপ প্ৰকাশ কৰে। অস্পৃশ্যতাৰ চিন-মোকাম নথকা ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰায় ১২০০-১৩০০ বছৰ পূৰ্বৰ পৰাহে একমাত্ৰ বিদেশী শক্তিৰ প্ৰভাৱতে অস্পৃশ্যতাৰ দৰে ধাৰণা শিপাবলৈ ধৰিলে বুলি সহ সৰকাৰ্যবাহ ড° শৰ্মাই অভিমত দিয়ে। এনে অস্পৃশ্যতাৰ বিৰুদ্ধে বহুতেই সংগ্ৰাম কৰি আহিছে আৰু দেওবাৰৰ সন্ধিয়াৰ মনোমোহা অনুষ্ঠান অস্পৃশ্যতাক বিদায় দিয়াৰ সংগ্ৰামৰে এক অংশ বুলি ড° শৰ্মাই উল্লেখ কৰে। দেওবাৰৰ অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মায়। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “এক হ্যেই টো চেফ হ্যেই” বাণী দোহাৰি মুখ্যমন্ত্ৰী ড° শৰ্মাইও একতাৰ ডোলত সকলো বান্ধ খাই থকাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহত্ত্বৰ কথা উল্লেখ কৰে ড°শৰ্মাই । চাফাই কৰ্মী সকলৰ ল’ৰা ছোৱালীৰ এইবাৰৰ প্ৰদৰ্শন যোৱা তিনি বছৰতকৈ শ্ৰেষ্ঠ হোৱাৰ কথা উল্লেখ কৰি দশাৱতাৰ নৃত্য প্ৰদৰ্শনে পেচাদাৰী নৃত্য কৰা শিল্পিকো ফেৰ মাৰিব পাৰিব বুলি তেওঁ কয়। উদযাপন সমিতিৰ সভপতি ৰাম সিঙেও কয় যে, “ভগৱানৰ আশীৰ্বাদৰ কাৰণে আমাৰ লৰা ছোৱালীয়ে এনেকুৱা মঞ্চ পাইছে”। উদযাপন সমিতিৰ সম্পাদক নেহা বাস্ফৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগেৰে কয় যে, আমাৰ সকলোৰে আত্মা একেই, তাত কোনো উচ্চ নিচ নাই । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ প্ৰায় দহ সহস্ৰাধিক লোকে অংশ্ৰহন কৰে। শেষত বন্দে মাতৰম গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় । Continue Reading Previous Previous post: समतार चंदेरे जीवनर जयगानNext Next post: শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন Related News জম্মু-কাশ্মীৰৰ পৰ্যটকৰ ওপৰত আক্ৰমণক ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জম্মু-কাশ্মীৰৰ পৰ্যটকৰ ওপৰত আক্ৰমণক ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ April 24, 2025 গুৱাহাটীত ড: বি,আৰ,আম্বেদকাৰৰ জন্ম জয়ন্তী পালন ৷ গুৱাহাটীত ড: বি,আৰ,আম্বেদকাৰৰ জন্ম জয়ন্তী পালন ৷ April 14, 2025