
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ভূপেন হাজৰিকাৰ ৯৮সংখ্যক জয়ন্তী উপলক্ষে জালুকবাৰীৰ সমাধি ক্ষেত্রত ৮ছেপ্টেম্বৰত দিন জোৰা কাৰ্যসূচীৰে ‘স্মৃতি তৰ্পণ’ আয়োজিত হয় ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই কয় যে মানৱ জীৱনৰএনে এটা বিষয় বাদ পৰি যোৱা নাই যাক লৈ ভূপেন হাজৰিকাই গীত ৰচনা কৰা নাছিল।
মন্ত্ৰী বড়াই কয় ‘সুধাকণ্ঠৰ গীতে আমাক দিয়ে জীয়াই থকাৰ প্ৰেৰণা, উদ্দীপনা আৰু সাহস।যশস্বী সাহিত্যিক হোমেন বৰগোহাঞিৰ ভূপেন হাজৰিকা সন্দৰ্ভত এক লেখাৰ উদ্ধৃতি দি মন্ত্ৰী বড়াই উল্লেখ কৰে যে বেছিভাগ মানুহেই তেওঁক জানে এগৰাকী অসামান্য প্ৰতিভাধৰ গায়ক আৰু সুৰকাৰ বুলি। কিন্তু তেওঁৰ সম্পূৰ্ণ পৰিচয় এই দুটা অভিধাৰ মাজতে সীমাবদ্ধ নহয়। ভূপেন হাজৰিকা একেধাৰে কবি গীতিকাৰ, সুৰকাৰ-গদ্য শিল্পী আৰু সৰ্বোপৰি তেওঁ এক মহান সাংস্কৃতিক আদৰ্শৰ ৰূপকাৰ।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ অধ্যাপিকা ভাৰতী ভড়ালীয়ে ‘ভূপেন হাজৰিকাৰ চলচ্চিত্র’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰাৰ লগতে সুধাকণ্ঠৰ সৈতে বাদ্য শিল্পী হিচাপে জড়িত কমল কটকীয়ে গীত আৰু কথাৰে অনুষ্ঠানটি জিপাল কৰি তোলে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষী দাস নাথকে ধৰি ভালে সংখ্যক লোক অনুষ্ঠানত উপস্থিত আছিল।
ইয়াৰ পূৰ্বে বড়াই সমাধিক্ষেত্রত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰি মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সন্ধিয়া বিভিন্ন শিল্পীয়ে সমাধি ক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।