ডিজিটেল ডেস্ক : ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি সজাগ হবলৈ আহ্বান। দেশত কৰ’ণা মহামাৰীয়ে জনজীবন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ স্বয়ংসেবক সকলে ৰাজ্যৰ বিভিন্ন স্হানত ৰাইজক সজাগ কৰাৰ বাবে নানান কাৰ্যসূচী ৰূপায়ন অব্যাহত ৰাখিছে। বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেবক সকলে সকলোৱে যাতে মাস্ক ব্যবহাৰ কৰাৰ লগতে সঘনাই হাত ধোৱা, অতি প্ৰয়োজন নহলে ঘৰৰ বাহিৰলৈ নোলোৱা,জনসমাগম পৰিহাৰ কৰি চলাৰ লগতে চেনিটাইজাৰ ব্যবহাৰ কৰিবলৈ হাটে-বজাৰে ৰাইজক সজাগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এইমৰ্মে আজি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেবক সকলে অঞ্চলটোৰ বিভিন্ন স্হানত মাইকযোগে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। লগতে যি সকল লোকে মাস্ক পৰিধান নকৰাকৈ বজাৰে-সমাৰে ঘুৰি ফুৰিছে সেইসকল লোকক স্বয়ংসেবক সকলে হাত চেনিটাইজাৰ কৰি প্ৰত্যেককে মাস্ক বিতৰণ কৰি ভৱিষ্যতে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনায়। সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেবক সকলে সৰ্থেবাৰী নগৰ, বনিয়াকুছি, বেলবাৰী, ৰাউলী, ভকুৱাটেপা, শিংৰা, গড়ৰতাৰি আৰু গহিয়া বজাৰত সজাগতা অভিযান চলাই বহুসংখ্যক লোকক মাস্ক বিতৰণ কৰাৰ লগতে আগন্তুক দিনত সততে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ কৰে। দেশত কৰ’ণা মহামাৰীৰ সময়ত ৰাইজক সজাগ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ স্বয়ংসেবক সকলে লোৱা এনে জনসজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে।