হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয় শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ চমকপ্ৰদ সফলতা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ শিশু শিক্ষা সমিতি, অসমৰ সংবাদ মেল সম্বোধন
এই বৰ্ষ বিদ্যা ভাৰতীৰ ৮ শিক্ষাৰ্থীয়ে ১০ টা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে
। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ ফলাফলে অসমৰ জনসাধাৰণৰ মাজত বিদ্যা ভাৰতীৰ আদৰ্শ তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ গুৰুত্ব বহু গুণে বৃদ্ধি কৰিছে । এইবেলি সমিতিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ৫৫৬ খন নিকেতনৰ ভিতৰত উচ্চ মাধ্যমিক পৰ্য্যায়ৰ ২৭৮ খন নিকেতনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হৈছিল ।এই পৰীক্ষাত অৱৰ্তীন হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৭৯৫ জন । ইয়াৰে ১৫৪ খন নিকেতনৰ ছাত্ৰ-ছাত্ৰী পূৰ্ণ শতাংশ (১০০%) উত্তীৰ্ণ হয় । বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি , অসমৰ প্ৰশান্ত পথত অৱস্থিত মুখ্য কাৰ্যালয়ত আজি দুপৰীয়া 2 বজাত সংবাদ মেল অনুষ্ঠিত হয় । শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে সাংবাদিক সকলক সম্বোধন কৰি কয় যে -আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত আঠ জনে স্থান পাবলৈ সক্ষম হৈছে ।
প্ৰাপ্ত ফলাফল অনুসৰি শীৰ্ষ দহটা স্থানৰ ভিতৰত তৃতীয় স্থানত জ্যোতিষ্মান দেৱশৰ্মা, শংকৰদেৱ শিশু নিকেতন বৰভাগ ; অষ্টম স্থান নিখিলেশ দত্ত , শংকৰদেৱ শিশু নিকেতন , ৰামদিয়া ; নবম স্থানত ক্ৰমে ৰাজদীপ বৰুৱা , শংকৰদেৱ শিশু নিকেতন , কাকডোঙা ; মঃ মাছুম মেহতাব , শংকৰদেৱ শিশু নিকেতন , বাহাৰঘাট ; ইমন বৈশ্য , শংকৰদেৱ শিশু নিকেতন , বাহাৰঘাট ; দশম স্থানত ক্ৰমে পূজা বেনাৰ্জী , শংকৰদেৱ শিশু নিকেতন , বহৰি ভাৰ্গর জ্যোতি দাস , শংকৰদেৱ শিশু নিকেতন , ৰামদিয়া , অলিন্দিতা কলিতা , শংকৰদেৱ শিশু নিকেতন , ডিফুৰ এই সকলে স্থান অধিকাৰ কৰে ।
তাৰোপৰি ডিষ্টিংছন ৭৫১ জন , ষ্টাৰ নম্বৰ লাভ কৰে ১০৫১ জন । পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত প্রথম বিভাগত ৪ ০ ১৭ জন , দ্বিতীয় বিভাগত ২৫২৫ আৰু তৃতীয় বিভাগত ৮৮৪ জন সৰ্বমুঠ ৭৪২৬ জন ছাত্র – ছাত্রী উত্তীর্ণ হয় ।
উল্লেখযােগ্য যে অসমীয়া বিষয়ত ১ জন ( ১০০ % ) , ইংৰাজী বিষয়ত ১ জন ( ১০০ % ) , সংস্কৃত বিষাক্ত ২ জন ( ১০০ % ) , হিন্দী বিষয়ত ১ জন ( ৯ ৮ % ) , বিজ্ঞান বিষয়ত ৭ জন দন ( ১০০ % ) , সমাজ বিজ্ঞান বিষয়ত ১ জন ( ১০০ % ) , সাধাৰণ গণিত বিষয়ত ৪৪ জন ( ১০০ % ) , উচ্চ গণিত বিষয়ত ২০ জন ( ১০০ % ) , আৰু ভূগোল বিষয়ত ১ জুন ( ১০০ % ) , সংগীত বিষয়ত ১ জন ( ৯৯ % ) , ছাত্র – ছাত্রীয়ে সর্বোচ্চ নম্বৰ লাভ কৰিছে ।
পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে শিশু শিক্ষা সমিতি , অসমৰ মাননীয় সভাপতি ড ° নির্মল বৰুৱা , সাধাৰণ সম্পাদক কুলে কুমাৰ ভাগৱতী , বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান মন্ত্রী তথা বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাৰ্জী ৰাৱ , পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ – সাংগঠনিক সম্পাদক ড ” পৱন তিৱাৰী , হাইস্কুল উপ – সমিতিৰ মাননীয় সভাপতি অমূল্য চৰণ চৌধুৰী , সম্পাদক বশিষ্ঠ ৰাম ডেকা , চন্দ্রপুৰ প্রকল্প সমিতিৰ সভাপতি শিৱপ্ৰসাদ শর্মা , পৰীক্ষা পৰিষদৰ সভানেত্রী আৰতি ভট্টাচার্য , উপ – সভাপতি শ্রী গণেশ চন্দ্র গোস্বামী , পৰীক্ষা তত্ত্বাবধায়ক মনমোহন কলিতা , প্রচাৰ বিভাগৰ সহ সম্পাদক , প্রদেশ কার্যালয় সচিব শান্তিম ঠাকুৰীয়াকে ধৰি সকলো বিষয়ববীয়া , পূর্ণকালীন কার্যকর্তা আৰু সমূহ কার্যকৰ্তাই ছাত্র – ছাত্রী সকলে দেখুওৱা সাফল্যৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলোকৰ জীৱনৰ উত্তৰোত্তৰ প্ৰগতি কামনা কৰে ।
নিকেতনসমূহৰ সাফল্যৰ আঁৰত থকা পৰিচালনা সমিতিৰ কাৰ্যকৰ্ত্তা আৰু প্ৰত্যক্ষ ভাৱে সেৱাৰ মনোভাৱেৰে কঠোৰ পৰিশ্ৰম কৰি নিষ্ঠা সহকাৰে ছাত্ৰ – ছাত্ৰী সকলক শিক্ষা আৰু সংস্কাৰ প্রদান কৰা প্রধানাচার্য প্রমুখে ।
আচার্য – আচার্মা সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ – ছাত্ৰী সকলক অভিনন্দন জানায় ।