লোকসভাৰ অধিৱেশনৰ সময়ত ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যক লৈ প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে । ইন্দোৰত ৰাহুল গান্ধীৰ বিতৰ্কিত বক্তব্যৰ বিৰুদ্ধে বিজেপি নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাহুল গান্ধীৰ পু্ত্তলিকা দাহ কৰে।
বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ হিন্দু বিৰোধী বক্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা দেখা যায় , সদন আৰম্ভ হোৱাৰ লগে লগে বিৰোধীৰ পৰা হুলস্থুলৰ সৃষ্টি হয়।
সদনত ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম সন্দৰ্ভত কয় যে ‘নিজকে হিন্দু বুলি কোৱাসকলে ২৪ ঘণ্টাই হিংসাত লিপ্ত হয়।’
ৰাহুলৰ এই বক্তব্যক লৈ সদনত হুলস্থুলৰ সৃষ্টি হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও থিয় হৈ কয় যে হিন্দুক হিংসাত্মক আখ্যা দিয়াটো ভুল।
ৰাহুলৰ বক্তব্যক প্ৰতিহত কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে হিংসাৰ মনোভাৱক যিকোনো ধৰ্মৰ সৈতে সংযোগ কৰাটো ভুল, ৰাহুল গান্ধীয়ে ইয়াৰ বাবে ক্ষমা খুজিব লাগে।
আনহাতে ৰাহুলৰ বক্তব্যক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে কয় যে সংসদত দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত লোকসকলে হিন্দুত্বক হিংসাৰ সৈতে সংযোগ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। হিন্দুত্ব বিবেকানন্দৰ হওক বা গান্ধীৰ হওক, ই সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক। হিন্দুত্বক লৈ এনে প্ৰতিক্ৰিয়া সঠিক নহয় ।
বিশ্ব হিন্দু পৰিষদৰ সভাপতি আলোক কুমাৰে সামাজিক মাধ্যম যোগে
হিন্দু বিৰোধী ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।