লক্ষণৌত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ ঘটনা পোহৰ লৈ আহিছে। ১৬ বছৰীয়া শ্বাহিদৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। প্ৰথমে শ্বাহিদে নাবালিকা গৰাকীক ধৰ্ষণ কৰি তাৰ পিছত তাইক ফাঁচী লগাই হত্যা কৰে। শ্বাহিদে ঘটনাটো সংঘটিত কৰিয়ে পলাই যায়। বৰ্তমান, আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী ব্যৱস্থা সমুহ গ্ৰহণ কৰিছে।
তথ্য অনুসৰি, ১৬ বছৰীয়া কিশোৰজনী লক্ষ্ণৌৰ ইন্দিৰানগৰ অঞ্চলত বাস কৰিছিল। নাবালিকা গৰাকীৰ দেউতাকৰ অভিযোগ অনুসৰি তাইক প্ৰথমে হাতুৰীৰে আঘাত কৰা হয় আৰু তাৰ পিছত ফাঁচী দিয়া হৈছে” পিতৃৰ অভিযোগৰ ভিত্তিতে , আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে।
ছোৱালীজনীৰ মাকে জনোৱা অনুসৰি কামৰ বাবে তেওঁলোক বাহিৰলৈ গৈছিল আৰু যেতিয়া তাৰ পৰা উভতি আহিছিল দুটা সন্তানক এটা কোঠাত বন্দী কৰি ৰখা প্ৰত্যক্ষ কৰিছিল আৰু আনটোত ছোৱালীজনী ওলমি থকা দেখিছিল। অভিযুক্ত শ্বাহিদ তেওলোকৰ ওচৰতে বাস কৰিছিল, যাক নাবালিকা গৰাকীয়ে ভালদৰে জানে। যেতিয়া মাক দেউতাক ঘৰত উপস্থিত হয় , তেতিয়া অভিযুক্ত জন তেওঁলোকৰ ঘৰৰ পৰা পলাই যায়।
কিন্তু কিয় এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হবলৈ পায় …সমাজত থকা এনেধৰণৰ নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ বাবেই সমাজত দিনে দিনে বৃদ্ধি পায় আহিছে ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড ।