এইবাৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা লাভ কৰিছে এগৰাকী অসমীয়াই ৷ নাম ড৹ পূৰৱী শইকীয়া ৷লখিমপুৰৰ এখন গাঁৱৰ এটি কৃষক পৰিয়ালৰ পৰা গৈ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ড৹ পূৰবী শইকীয়াই ।
ড৹ পূৰৱী শইকীয়া হৈছে লখিমপুৰৰ চিয়াজুলি বাগান গাঁৱৰ নিবাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা ৷
বৰ্তমান শইকীয়া বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা হিচাবে কৰ্মৰত ৷ বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ড৹ পূৰবী শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা চলিত বৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা গ্ৰহণ কৰে ৷
এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৩৩ টা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ঘোষণা কৰে । ড৹ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষকক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিনৰ ১১ বজাত এক অনুষ্ঠানৰ জৰিয়তে বঁটাসমূহ প্ৰদান কৰে ।
উল্লেখ্য যে, ভাৰতবৰ্ষৰ বিজ্ঞানৰ ক্ষেত্ৰখনত এনেদৰে সৰ্বোচ্চ সন্মান লাভ কৰা ড৹ পূৰৱী শইকীয়া হ’ল অসমৰ ষষ্ঠগৰাকী অসমীয়া । তেওঁ প্লাণ্ট ইক’লজী, বায়’ডাইভাৰচিটি কনজাৰভেচন আৰু চইল ইক’লজীৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।