
৩ আল-বদৰ সন্ত্ৰাসবাদী নিহত, এজনে স্বপিয়ান এনকাউনতাৰত আত্মসমৰ্পণ কৰে ।

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ স্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষৰ সময়ত তিনিজন আল-বদৰ সন্ত্ৰাসবাদী নিহত হয় । এতিয়ালৈকে ৩ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে যদিও সন্ত্ৰাসবাদীৰ বিৰোদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই আৰু এই সবিশেষ জম্মু আৰক্ষীয়ে টুইট যুগে জানিবলৈ দিয়ে ।আৰক্ষীয়ে জনোৱা অনুসৰি আজি ৰাতিপুৱা এনকাউন্টাৰটো সংঘটিত হয় ।আৰু আল-বদৰ সন্ত্ৰাসবাদী সংগঠনৰ চাৰিজন নতুনকৈ নিযুক্তি প্ৰাপ্ত স্থানীয় সন্ত্ৰাসবাদীৰ এই এনকাউণ্টাৰত মৃত্যু হয় । তেওঁলোকৰ এজনক তোফিক আহমেদ বুলি চিনাক্ত কৰা হয়। সন্ত্ৰাসবাদী কেইজনে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ নাটক কৰে আৰু আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলিবৰ্ষন কৰে যদিও সেনাৰ গুলিত নিনিওজন সন্ত্ৰাসবাদী থিতাতে নিহত হয় ।