অহা ছেপ্টেম্বৰ মাহৰ ১৪-১৫ তাৰিখে গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল৷ পূৰ্বৰ দৰে এই মহোৎসৱৰ লগত সংগতি ৰাখি চুটি ছবিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰব’৷ উপ বিষয় সমূহৰ ভিতৰত আছে শিল্প, সংগীত আৰু সংগীতজ্ঞ, চিত্ৰকলা, সমাজ সচেতনতা, নাৰী, পুথিচিত্ৰ, পেইন্টিং, ঐতিহ্য, কীৰ্তিচিহ্ন আদি৷ প্ৰতিযোগিতাৰ বাবে ছবি জমা দিয়া অন্তিম তৰিখ আগষ্ট ৷ মোবাইল ফোনেৰ প্ৰস্তুত কৰা চুটি ছবি, ৰিল আদিও এই প্ৰতিযোগিতাৰ বাবে গ্ৰহন কৰা হ‘ব৷প্ৰতিযোগিতা মূলতঃ উত্তৰ পূবৰ চিত্ৰ নিৰ্মাতাৰ বাবে মুলি থাকিব যদিও সৰ্বভাৰতীয় স্তৰতো শ্ৰেষ্ঠ ছবিৰ বঁটা দিয়া হ’ব৷মুঠ বঁটাৰ সংখ্যা দহটা৷
প্ৰতিযোগিতাৰ সবিশেষ চলচ্চিত্ৰমৰ ৱেবচাইট চলচ্চিত্ৰম ডট ইন-ত পোৱা যাব৷ মহোৎসৱত প্ৰতিযোগিতাৰ ছবিৰ লগতে দুখন পূৰ্ণদৈৰ্ঘৰ ছবি আৰু আন ছবিও প্ৰদর্শন কৰা হ’ব৷ মহোৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ প্ৰতিযোগিতা, চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা, আলোচনা চক্ৰ, মাষ্টাৰ ক্লাছ আদিৰো আয়োজন কৰা হ’ব৷ লগতে অসমীয়া চিনেমাৰ গীতৰো প্ৰতিযোগিতাৰ ব্যবস্থা থাকিব৷মহোৎসৱৰ বাবে চিনেমা পঠোৱা সংক্ৰান্তৰ সকলো তথ্য ৱেবচাইটত সম্পূৰ্ণ ভাবে দিয়া আছে৷ মহোৎসৱত মুক্তিৰ অপেক্ষাত থকা ছবি, চলচ্চিত্ৰ বিষয়ক কিতাপ আলোচনী আদিৰ প্ৰচাৰ কৰাৰ সুবিধা থাকিব আৰু এই সুবিধা ল’ব বিচাৰিলে চলচ্চিত্ৰমৰ উপ সভাপতি প্ৰবাল খাউণ্ডক ৬০০২৬৯৯৭৩৩ নম্বৰত যোগাযোগ কৰিব পাৰিব৷