ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তথা বিদগ্ধ পুৰোধা ব্যক্তি গৌৰীশংকৰ চক্ৰৱৰ্তীৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়ালৰ লগতে স্বয়ংসেৱক সকলে। ইফালে আৰ এছ এছৰ জ্যেষ্ঠ প্ৰচাৰক গৰাকীৰ এই আদ্যশ্ৰাদ্ধৰ দিনটোত নিজগৃহ শিলচৰত শ্ৰদ্ধা জ্ঞাপন কৰি নাম কীৰ্ত্তন প্ৰসংগ আদি কৰে । আনহাতে যোৰহাট আৰু চৰাইদেউ জিলাত জ্যেষ্ঠ প্ৰচাৰক গৌৰীশংকৰ চক্ৰৱৰ্তীৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি নাম প্ৰসংগ কৰি স্মৰণ কৰে গুণমুগ্ধসকলে।
উল্লেখযোগ্য যে ২৪ মাৰ্চত পুৱা ৭ বজাত বৈকুণ্ঠগামী হৈছিল জ্যেষ্ঠ প্ৰচাৰক গৰাকীয়ে। শিলচৰৰ জালালপুৰ নিবাসী পিতৃ ডাক্তৰ খগেন্দ্ৰ চন্দ্ৰ অধিকাৰী আৰু মাতৃ সুষমা চক্ৰৱৰ্তীৰ ঔৰসত জন্ম গ্ৰহণ কৰা মেধাৱী শিক্ষাধাৰী তথা বিদগ্ধ গুণৰ অধিকাৰী গৌৰীশংকৰ চক্ৰৱৰ্তীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল বলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু তাৰ পিছতে হাইস্কুলীয়া শিক্ষাৰ পাতনি মেলে কটন কলেজত । আনহাতে কটন কলেজৰ পৰা প্ৰি- ইউনিভাৰ্চিটিত বিজ্ঞান শাখাত ভৰ্তি হৈ ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু পিছত কটন কলেজৰ পৰা পিছত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লয়। ইফালে তাৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হয় গৌৰীশংকৰ চক্ৰৱৰ্তীয়ে । ইয়াৰ পিছত দিল্লীলৈ আহি আইনৰ স্নাতক উপাধি লাভ কৰে । সৰুৰে পৰা সংগীতৰ প্ৰতি ধাউতি আছিল যদিও বহু ভক্তিমূলক গীত ৰচনা কৰি নিজে সুৰাৰোপিতও কৰিছিল। লগতে ইংৰাজী আৰু হিন্দী ভাষাত ২০ খনকৈ অসমীয়া ভাষালৈ অনুবাদ কৰি সংঘৰ সাহিত্যৰ লগতে অসমীয়া সাহিত্যৰ ভৰালোঁ চহকী কৰি থৈ গল । প্ৰবল তীক্ষ্ণ বুদ্ধিসম্পন উচ্চ ডিগ্ৰীধাৰী জ্ঞানৰ অধিকাৰী গৌৰীশংকৰ চক্ৰৱৰ্তীয়ে উচ্চ পদবীৰ চৰকাৰী চাকৰিমুখী নহৈ সমাজসেৱাৰ মাজত ৰাখি ৰাষ্ট্ৰ জীৱনৰ বাবে সংঘৰ সৈতে আজীৱন জড়িত হৈ গল । প্ৰচাৰক হিচাপে ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ প্ৰথমে দিল্লীত দায়িত্ব গ্ৰহণ কৰে যদিও পিছত ১৯৭৮ চনত গুৱাহাটী মহানগৰত প্ৰচাৰক হিচাপে কাৰ্যবাহ কৰে। পৰৰ্ৱতী সময়ত বিভাগ প্ৰচাৰক,ক্ষেত্ৰ প্ৰচাৰক,সম্ভাগ প্ৰচাৰক,ক্ষেত্ৰ শাৰীৰিক প্ৰমূখকে ধৰি দক্ষিণ অসম প্ৰান্ত প্ৰচাৰক আৰু মৃত্যুৰ সময়লৈ অখিল ভাৰতীয় কাৰ্যকাৰিণী আমন্ত্ৰিত সদস্য হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছিল।
এগৰাকী সফল প্ৰচাৰক আৰু আদৰ্শ স্বয়ংসেৱক হিচাপে গৌৰি দাৰ আদ্যশ্ৰাদ্ধত শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিলো।