
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় বৈঠক
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় “প্ৰান্ত প্ৰচাৰক বৈঠক ” আজিৰে পৰা ঝাৰখণ্ডৰ ৰাঞ্চিত আৰম্ভ হয়। ১৪ জুলাইৰ সন্ধিয়া ৬ বজালৈকে চলিব এই বৈঠক। বৈঠকত সৰসংঘচালক ডাঃ মোহন ভাগৱত, সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালেৰ লগতে সকলো সহ-সৰকাৰ্যবাহ, সকলো প্ৰান্তৰে প্ৰান্ত প্ৰচাৰক তথা সহ-প্ৰান্ত প্ৰচাৰক আৰু সকলো ক্ষেত্ৰৰে ক্ষেত্ৰ প্ৰচাৰক তথা সহ-ক্ষেত্ৰ প্ৰচাৰকৰ লগতে সকলো কাৰ্য বিভাগৰে অখিল ভাৰতীয় অধিকাৰী তথা সংঘ অনুপ্ৰাণিত বিবিধ সংগঠনৰ অখিল ভাৰতীয় সংগঠন মন্ত্ৰী উপস্থিত থাকে।
বৈঠকত চলিত বৰ্ষত অনুষ্ঠিত সংঘ শিক্ষা বৰ্গ আৰু কাৰ্যকৰ্তা বিকাশ বৰ্গৰ পৰ্যালোচনা আৰু বৃত নিবেদন, সংঘ শতবাৰ্ষিক উপলক্ষে কাৰ্য বিস্তাৰ যোজনাৰ এতিয়ালৈকে হোৱা অগ্ৰগতি, সামাজিক পৰিৱৰ্তনৰ পাঁচটা বিষয়ত অভিজ্ঞতাৰ আদান-প্ৰদানৰ লগতে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হব ।