মথুৰা: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক অখিল ভাৰতীয় কাৰ্যনিৰ্বাহক মণ্ডলীৰ দুদিনীয়া বৈঠক শুকুৰবাৰৰ পৰা শুভাৰম্ভ হয় । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰসংঘচালক ড° মোহন জী ভাগৱতে মথুৰাৰ গো গ্ৰাম পৰ্যায়ত থকা দীনদয়াল গো বিজ্ঞান গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক উদ্বোধন কৰে। ভাৰত মাতাৰ ছবিত পুষ্প অৰ্পণ কৰে সৰসংঘচালক জীৰ লগতে সন্মানীয় সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে জীয়ে। সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত পূজ্য ৰাঘৱাচাৰ্য্য মহাৰাজ (জয়পুৰ), বিখ্যাত উদ্যোগপতি পদ্মবিভূষণ ৰতন টাটা, পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, ইনাডু আৰু ৰামোজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাও, কমিউনিষ্ট নেতা সীতাৰাম য়েচুৰী, প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱাৰ সিং, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোডী, এডমিৰেল (অৱসৰপ্ৰাপ্ত) ৰামদাসকে ধৰি বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সভাৰ আৰম্ভণিতে ২০২৪ চনৰ মাৰ্চ মাহৰ অখিল ভাৰতীয় প্ৰতিনিধি সদনৰ বৈঠকৰ কাৰ্যসূচীত অনুমোদন জনোৱা হয়।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সহ-প্ৰকাশন মুৰব্বী নৰেন্দ্ৰ কুমাৰে জনোৱা মতে, অহা ২৬ অক্টোবৰৰ সন্ধিয়া ৬:১৫ বজাত বৈঠকৰ সামৰণি পৰিব। বৈঠকত বিজয়দশমীৰ পবিত্ৰ উৎসৱৰ ভাষনত সন্মানীয় সৰসংঘচালক জীয়ে উপস্থাপন কৰা ধাৰণাসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হ’ব আৰু তেওঁৰ ভাষণত উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহ আৰু দেশত চলি থকা সমসাময়িক বিষয়সমূহ অনুসৰণ কৰাৰ পৰিকল্পনা কৰা হ’ব। ইয়াৰ লগতে প্ৰতিনিধি সদনত নিৰ্ধাৰিত বাৰ্ষিক পৰিকল্পনাৰ পৰ্যালোচনা আৰু সংঘৰ কাম-কাজ সম্প্ৰসাৰণৰ সন্দৰ্ভতো গভীৰ ভাবে আলোচনা কৰা হ’ব। সভাত সংঘৰ শতবাৰ্ষিকীত কাম সম্প্ৰসাৰণৰ পৰিকল্পনা আৰু পঞ্চ পৰিৱৰ্তন (সামাজিক সম্প্ৰীতি, পাৰিবাৰিক জ্ঞান, পৰিৱেশ, ‘আত্ম’ ভিত্তিক জীৱনশৈলী) অনাৰ পৰিকল্পনাৰ লগতে এতিয়ালৈকে কৰা কামৰ পৰ্যালোচনা কৰা হ’ব।
সংঘৰ ১১টা ক্ষেত্ৰ আৰু ৪৬খন প্ৰান্তৰ পৰা সন্মানীয় সংঘচালক, সহ-সংঘলচালক, কাৰ্যৱহ, প্ৰচাৰককে ধৰি মুঠ ৩৯৩ গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰ, কেৰালা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য যেনে অৰুণাচল, মণিপুৰ, ত্ৰিপুৰা আদিৰ পৰাও প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত প্ৰান্তসমূহৰ বিশেষ কাম আৰু পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱা হ’ব। ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত বিশদ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হ’ব।
সভাত সংঘৰ সন্মানীয় সৰসংঘচালক ড° মোহন জী ভাগৱত, সন্মানীয় সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে জী আৰু সহযোগী সৰকাৰ্যবাহ ড° কৃষ্ণ গোপাল জী, মুকুন্দ জী, অৰুণ কুমাৰ জী, ৰামদত্ত চক্ৰধৰ জী, আলোক কুমাৰ জী, অতুল লিমায়ে জী সহ অন্যান্য সকলো অখিল ভাৰতীয় কাৰ্য্য বিভাগৰ প্ৰমুখ তথা কাৰ্যবাহী সদস্যসকলে অংশগ্ৰহণ কৰিছে।