ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অক্লান্ত কর্মী , নলবাৰী জিলাৰ সংঘৰ মাননীয় সংঘচালক ৰমেশ বর্মন দেৱৰ জন্ম হয় ১৯৪১ চনৰ মাৰ্চ মাহত নলবাৰী জিলাৰ বৰকুৰা গাঁৱত । নলবাৰীৰ চৰকাৰী গর্ডন হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ , নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে । পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আইনৰ স্নাতক ডিগ্রী লাভ কৰি অইল ইণ্ডিয়াত দুবছৰ চাকৰি কৰে । কিছুদিন আন আন কামত নিয়োজিত হৈ পিছত বাগানপাৰা প্রাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি দেৱীদত্ত প্রাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে । মৃত্যুৰ সময়ত তেখেতে ৪ গৰাকী ল’ৰা, এজনী ছােৱালী আৰু সহধর্মিণীক ইহ সংসাৰত এৰি থৈ যায় । ১৯৯৫ চনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ , বৰকুৰা শাখাৰ স্বয়ংসেৱকৰ পৰা নলবাৰী জিলা সংঘচালকৰ দায়িত্ব তেখেতে নিষ্ঠা সহকাৰে পালন কৰে । তেখেতে নলবাৰী শঙ্কৰদেৱ শিশু নিকেতনৰ সভাপতিৰ দৰে গুৰু দায়িত্বও সুকলমে পালন কৰিছিল । ১৬ জুনৰ ৰাতি ১১-০০ বজাত তেখেতে বৈকুণ্ঠধামলৈ গমণ কৰে ।