মাননীয় শ্রী কৃষ্ণ মোতলবজীৰ দেহাৱসান।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক তথা জ্যেষ্ঠ কাৰ্যকৰ্তা মাননীয় শ্রী কৃষ্ণ মোতলবজীৰ কালি নিশা প্ৰায় ৯’৩০ বজাত নাগপুৰৰ সংঘ কাৰ্যালয়ত দেহাৱসান ঘটে।
নাগপুৰত জন্ম গ্ৰহণ কৰা মোতলবজী প্ৰকৃত অৰ্থত এগৰাকী স্বয়ং সেৱক আছিল।
মাননীয় মোতলবজীয়ে অসমত ১৯৬২ আৰু ৬৩ চনত অসমত অনুষ্ঠিত হোৱা সংঘ শিক্ষা বৰ্গৰ মুখ্য শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল।
ইয়াৰ পিচতে ১৯৬৩ চনত তেখেতে গুৱাহাটীৰ নগৰ প্ৰচাৰকৰ দায়িত্ব পালন কৰে।
১৯৬৫ ৰ পৰা ১৯৬৮ চনলৈ ডিব্ৰুগড় জিলাৰ দায়িত্ব লোৱাৰ পিচত নাগপুৰ প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক হিচাপে কিছু বছৰ দায়িত্ব চম্ভালী লয় ।
পিছত বেংগল প্ৰান্তৰ সহ প্ৰান্ত প্ৰচাৰক আৰু প্ৰান্ত প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰে।
পৰৱৰ্তী সময়ত তেখেতে পূৰ্ব ক্ষেত্র প্ৰচাৰক ( অসম, বেংগল আৰু ওড়িশা) হিচাপে দায়িত্ব পালন কৰে।
ইয়াৰ পিছত তেখেতে ২০০৩ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহ প্ৰচাৰক প্ৰমুখ হিচাপে দায়িত্ব লয়।
মোতলবজীৰ সংঘৰ প্ৰতি থকা দায়িত্ববোধ সঁচাকৈয়ে শলাবলগীয়া।
বয়স বৃদ্ধি হোৱাৰ পিছত তেখেতক সংঘৰ পৰা দায়িত্ব মুক্ত কৰা হৈছিল যদিও মৃত্যুৰ সময়লৈকে তেখেতে নাগপুৰ কাৰ্যালয়তে আছিল।
শ্রী কৃষ্ণ মোতলবজীৰ মৃত্যু সমগ্র হিন্দু সমাজৰ বাবে অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।