স্বধৰ্ম , স্বদেশী আৰু স্বৰাজৰ ভাৱনাই
ভাৰতক বিশ্বৰ সৰ্বোচ্চ মৰ্যাদা সম্পন্ন ৰাষ্ট্ৰত পৰিণত কৰিব ৷
হাৰিয়ানাৰ পানীপথ জিলাৰ চামালখাৰ সেৱা সাধনা আৰু গ্ৰাম বিকাশ কেন্দ্ৰত ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ,এচ,এচৰ ২০২৩ বৰ্ষৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়৷ উক্ত প্ৰতিনধি সভাত গৃহীত প্ৰস্তাৱ তলত উল্লেখ কৰা হ‘ল ৷
বিশ্ব কল্যাণৰ উদাত্ত লক্ষ্যক মূৰ্ত্তৰূপ প্ৰদান কৰাৰ বাবে ভাৰতৰ ‘স্ব‘ৰ সুদীৰ্ঘ যাত্ৰাপথত আমাৰ ৰাজনৈতিক তথা সাংস্কৃতিক সংঘৰ্ষৰ কালছোৱাত ভাৰতীয় জনজীৱন বিধ্বস্ত হৈছে বুলি অখিল ভাৰতীয় প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা গৃহীত প্ৰস্তাৱত কোৱা হৈছে যে বিদেশী আক্ৰমণ তথা সামাজিক, আৰ্থিক, সাংস্কৃতিক আৰু ধাৰ্মিক ব্যৱস্থা সমূহ গভীৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল। এই সময়ছোৱাত পূজনীয় সন্ত-মহাপুৰুষ সকলৰ নেতৃত্বত সম্পূৰ্ণ সমাজ অবিৰাম সংঘৰ্ষৰত হৈ স্বধৰ্ম, স্বদেশী আৰু স্বৰাজৰ এই ত্ৰয়ীত নিহিত আছিল, যত সমস্ত সমাজৰ সহযোগিতা আছিল। সংঘই লগতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ পবিত্ৰ মুহুৰ্ত্তত সম্পূৰ্ণ ৰাষ্ট্ৰই এই সংঘৰ্ষত যোগদান আগবঢ়োৱা জননায়ক তথা স্বাধীনতা সংগ্ৰামী আৰু মনীষি সকলক কৃতজ্ঞতাপূৰ্বক স্মৰণ কৰে।
স্বাধীনতা লাভৰ পৰবৰ্ত্তীকালত আমি কেবাটাও ক্ষেত্ৰত মহত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছো বুলি উল্লেখ কৰি প্ৰস্তাৱটোত সম্প্ৰতি ভাৰতৰ অৰ্থব্যৱস্থা বিশ্ব সমুদায়ৰ মাজত এক বৃহৎ ব্যৱস্থা হিচাবে মুৰ দাঙি উঠিছে। ভাৰতৰ সনাতন প্ৰমূল্যসমূহৰ আধাৰত প্ৰকাশিত নৱোত্থান সম্পূৰ্ণ বিশ্বই স্বীকাৰ কৰিছে। “বসুধৈৱ কুটুম্বকম”ৰ আধাৰত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে ভাৰেত নিজ ভূমিকা নিৰ্বহন কৰাৰ বাবে অগ্ৰসৰ হৈছে। সংঘৰ ভাৰতীয় প্ৰতিনিধি মণ্ডলীৰ অভিমত এইটোও যে নিজ ৰাষ্ট্ৰক সু-সংগঠিত, বিজয়ী আৰু সমৃদ্ধ কৰি গঢ়ি তোলাৰ প্ৰক্ৰিয়াত সমাজৰ প্ৰতিটো বৰ্গৰ বাবে মূলভূত আৱশ্যকতা সমূহৰ পূৰণ তথা সৰ্বাঙ্গীন বিকাশৰ প্ৰযুক্তি সমূহৰ বিবেকপূৰ্ণ ব্যৱহাৰ আৰু পৰ্যাবৰণপূৰ্বক বিকাশৰ লগতে আধুনিকীকৰণৰ ভাৰতীয় ধাৰণাৰ আধাৰত নতুন চানেকি দাঙি ধৰাৰ লগতে প্ৰত্যাহ্বান সমূহ গ্ৰহণ আৰু জয়ী হ‘ব পাৰিব লাগিব। ৰাষ্ট্ৰৰ পুণনিৰ্মাণৰ বাবে আমি পাৰিবাৰিক সুদৃঢ়ীকৰণ, বন্ধুত্বৰ আধাৰত শ্ৰেষ্ঠ সমাজ নিৰ্মাণ তথা স্বদেশী ভাবনাৰ লগতে উদ্যমিতাৰ বিকাশ আদি লক্ষ্য প্ৰাপ্তিৰ বিশেষ প্ৰয়াস কৰিব লাগিব। এই দৃষ্টিৰে সমাজৰ প্ৰতিজন অভিকৰ্ত্তা বিশেষকৈ যুৱবৰ্গ সমন্বিত প্ৰয়াসৰত হোৱাৰ পূৰ্ণ আবশ্যকতা আছে। সংঘৰ্ষকালত বিদেশী শাসনৰ পৰা মুক্তিলাভৰ হেতু যেনে ধৰণে ওপৰোক্ত লক্ষ্য প্ৰাপ্তিৰ বাবেও নাগৰিকৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধ তথা ঔপনিশবেশিক মানসিকতাৰ পৰা মুক্ত সমাজজীৱন গঢ় দিব লাগিব। এই পৰিপ্ৰেক্ষিতত মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্বাধীনতা দিৱসত প্ৰদান কৰা আহ্বানো মহত্বপূৰ্ণ।
অখিল ভাৰতীয় প্ৰতিনিধি সভাই লগতে এই কথাত বিশেষ গুৰুত্ব প্ৰদান কৰিব খোজে যে ‘স্ব‘
আধাৰিত ভাৰতৰ এই পুণৰুত্থানক বিশ্বৰ অনেক শক্তিয়ে কিন্তু স্বীকাৰ কৰিব পৰা নাই। হিন্দুত্ব বিচাৰধাৰা বিৰোধী দেশৰ ভিতৰে-বাহিৰে অনেক শক্তিয়ে নিহিত স্বাৰ্থ আৰু ভেদভাব সমূহ জগাই তুলি সমাজত পৰম্পৰ অবিশ্বাস, শাসনতন্ত্ৰৰ প্ৰতি অনাস্থা আৰু অৰাজকতা উৎপন্ন কৰাৰ বাবে ন-ন ষড়যন্ত্ৰ ৰচনা কৰাৰ অবিৰত প্ৰয়াস চলাই আছে। আমি এই সকলোবোৰৰ প্ৰতি সজাগ হৈ তেওঁলোকৰ ষড়যন্ত্ৰ বিফল কৰিব লাগিব। এই অমৃতকালে আমাক ভাৰতক বিশ্বক নেতৃত্ব দিব পৰা কৰিবলৈ সামুহিক উদ্যমী কৰাৰ সুযোগ প্ৰদান কৰি আছে। অখিল ভাৰতীয় প্ৰতিনিধি সভাই প্ৰবুদ্ধ বৰ্গ লগতে সম্পূৰ্ণ সমাজক আহ্বান জনায় যে ভাৰতীয় চিন্তনৰ আলোকত সামাজিক, শৈক্ষিক, আৰ্থিক, লোকতান্ত্ৰিক, ন্যায়িক সংস্থা সমূহৰ লগতে সমাজ জীৱনৰ সকেলা ক্ষেত্ৰতে সময় সাপেক্ষ ৰচনাসমূহ বিকশিত কৰা কাৰ্যত সম্পূৰ্ণ শক্তিৰ সহভাগী হ‘বলৈ আহ্বান জনায় যাতে বিশ্বমঞ্চত ভাৰত এক বৈভৱশালী, সামৰ্থবান আৰু বিশ্ব কল্যাণকাৰী ৰাষ্ট্ৰ ৰূপে সৰ্বোচ্চ মৰ্যাদা সম্পন্ন স্থান লাভ কৰে।