
৫ জুন, ২০২৩ ইং তাৰিখ, সোমবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ সংঘ শিক্ষা বৰ্গ, দ্বিতীয় বৰ্ষৰ সমাৰোহ অনুষ্ঠান হোজাইস্থিত গীতাশ্ৰমত অনুষ্ঠিত হয়। যোৱা ১৬ মে’ৰ পৰা অনুষ্ঠিত হোৱা এই ২০ দিনীয়া বৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ ভিন্নৰাজ্যৰ সৰ্বমুঠ ৯৫ গৰাকী স্বয়ংসেৱকে শিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰে। আজিৰ সমাৰোহ অনুষ্ঠানত আঠ শতাধিক দৰ্শকৰ উপস্থিতিত শিক্ষাৰ্থী স্বয়ংসেৱকসকলে প্ৰায় ৪৫ মিনিট সময় সংঘৰ বিভিন্ন শাৰিৰীক কাৰ্যক্ৰম যেনে দণ্ডযুদ্ধ, নিযুদ্ধ, য়স্তী, ব্যায়াম- যোগ, আসন, সামূহিক সমতা আদি প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক স্মৃতি সিনহা ডাঙৰীয়া। অধ্যাপক সিনহা ডাঙৰীয়াই নিজৰ ভাষণ প্ৰসংগত এইবুলি কয় যে ৰাজনৈতিক অভিসন্ধিত ভৌগোলিক ভাৱে যদিও ভাৰতবৰ্ষ খণ্ডিত হৈছে, তথাপি এই ভূমিৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদে ভাৰতৰ অখণ্ডতা চিৰদিন জীয়াই ৰাখিব। আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ আদৰণীয় তীৰ্থাঙ্ক দাস কলিতাই মুখ্য বক্তাৰূপে বৌদ্ধিক প্ৰদান কৰে। নিজৰ বৌদ্ধিকৰ মাজত তীৰ্থাঙ্ক দাস কলিতাই স্পষ্টভাৱে কয় যে ভাৰত অতীজৰে পৰা হিন্দু ৰাষ্ট্ৰ, এই কথা ঘোষণা কৰাৰ দৰকাৰ নাই ; কেবল আই ভাৰতীৰ প্ৰতিজন সন্তানে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিলেই ভাৰত ৰাষ্ট্ৰ সমৃদ্ধিৰে ভৰি পৰিব। কাইলৈ ৰাতিপুৱা দীক্ষান্ত সমাৰোহ কাৰ্যক্ৰমেৰে এই বৰ্গৰ আনুষ্ঠানিক সমাপন হ’ব।