আজি বিশ্ব বাঁহ দিৱস৷
অসমীয়াত এষাৰ কথা আছে ,যাৰ নাই বাঁহ তাৰ নাই সাহ।
প্ৰতিবছৰে ১৮ ছেপ্টেম্বৰত বিশ্ব বাঁহ দিৱস উদযাপন কৰা হয় । এই দিৱসে দ্ৰুত গতিত বিকশিত হোৱা উদ্ভিদবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰে । এই দিনটোত বিশ্বজুৰি বাঁহৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰা হয় । বাঁহ হৈছে বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহৃত আটাইতকৈ বহনক্ষম, পৰিৱেশ-অনুকূল তথা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ ।
এই ঘাঁহজাতীয় ওখ গছবিধে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাকে ধৰি অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কাগজৰ পৰা গৃহ নিৰ্মাণ, ঘৰুৱা সামগ্ৰীৰ পৰা আচবাব আদি বিভিন্ন কামত বাঁহৰ প্ৰয়োজনীয়তাক সকলোৱে গুৰুত্ব দি আহিছে৷
থাইলেণ্ডৰ ৰাজকীয় চৰকাৰে পালন কৰা ৰয়েল থাই বন দিৱসৰ লগত সংগতি ৰাখি ১৮ ছেপ্টেম্বৰৰ দিনটোত সৰ্বসন্মতিক্ৰমে বিশ্ব বাঁহ দিৱস ঘোষণা কৰা হৈছিল । বিশ্ব বাঁহ দিৱসৰ উদ্দেশ্য হৈছে বাঁহে অৰ্থনৈতিকভাৱে আগবঢ়োৱা লাভালাভ আৰু উদীয়মান উদ্যোগসমূহৰ বাবে ইয়াক বৃদ্ধি কৰাৰ গুৰুত্বৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰা ।
