দিল্লীত নাবালিক সাক্ষীৰ নিৰ্মম হত্যাকাণ্ডই সমগ্ৰ দেশকে স্তম্ভিত কৰি তুলিছে। নিৰ্দয়ী অভিযুক্তই যুৱতী গৰাকীক চুৰী, শিলেৰে ইমানেই আক্ৰমণ কৰে যে কিশোৰীগৰাকীৰ সেই স্থানতে থিতাতে মৃত্যু হয়। পলাতক চাহিল খানক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া পোহৰলৈ আহিছে ‘লাভ জেহাদ’ৰ দৰে জঘণ্য ঘট্না । আনকি, গ্ৰেপ্তাৰৰ পিছত চাহিল খানক লৈ বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে । অপৰাধীৰ নাম চাহিল, কিন্তু হাতত কিয় গেৰুৱা সুতা ?
বিজেপি নেতা কপিল মিশ্ৰই অপৰাধী চাহিলৰ ফটো টুইট কৰি এটা দীঘলীয়া পোষ্ট কৰে । এই জগণ্য বৰ্বৰ ঘট্নাক লৈ তেও কয় যে এইয়া লাভ জেহাদৰ কৰুণ পৰিণিতি । তেওঁ এই কাণ্ডক যুৱতী সকলৰ বিৰুদ্ধে পৰিকল্পিত আক্ৰমণ বুলি অভিহিত কৰে। কিন্তু প্ৰশ্ন হল হত্যাকাৰী চাহিলৰ মাষ্টাৰমাইণ্ড কোন?
দিল্লীৰ শ্বাহবাদ ডেইৰী এলেকাত চাহিল খান নামৰ এজন মুছ্লমান যুৱকে নিৰ্মমভাৱে এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰে। চাহিল খানে সাক্ষী নামৰ ১৬ বছৰীয়া কিশোৰী এগৰাকীক চুৰী আৰু শিলেৰে উপৰ্যপৰি আক্ৰমণ কৰি হত্যা কৰে। চিচিটিভি কেমেৰাত বন্দি হোৱা নিৰ্মম এই হত্যাকাণ্ডত সাক্ষীক ২০ বাৰতকৈও অধিক ছুৰীৰে আঘাত কৰাৰ পিছতো চাহিল খান ক্ষান্ত নাথাকিল৷ তেও পুনৰ এটা প্ৰকাণ্ড শিলেৰে সাক্ষীৰ মূৰত উপৰ্য্পৰি আক্ৰমণ চলাই থাকিল ।
সাক্ষীক নৃশংসভাৱে ছুৰীৰে আঘাত কৰি হত্যা কৰা চাহিল খানক বুলন্দশহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, বন্ধুৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত চাহিলে সাক্ষীক বাটতে আগুচি ধৰি চুৰীৰে উপৰ্যপুৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই নৃশংস আক্ৰমণত সাহিলে বাৰে বাৰে ছুৰীৰে আঘাত কৰে আৰু পিছত প্ৰকাণ্ড শিল এটাৰে মূৰত আঘাত কৰে ।
জানিব পৰা মতে, সাক্ষী আৰু চাহিল খানৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু হত্যাকাণ্ডৰ এদিন পূৰ্বে দুয়োৰে মাজত কাজিয়া হৈছিল।আনহাতে, ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ পিছতে দিল্লী আৰক্ষীয়ে এই বিষয়ত এফ আই আৰ ৰুজু কৰে । ইয়াৰ পূৰ্বে আৰক্ষী উপ আয়ুক্ত সুমন নলৱাই কয় যে হত্যাকাণ্ডৰ গোচৰটো চৰ্চালৈ অহাৰ পিছতে বিষয়টোৰ তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে।
লাভ জেহাদৰ ফাণ্ডত পৰি হত্যাৰ বলি হোৱা ঘটনা এয়াই প্ৰথম নহয়, এনেধৰনৰ ঘট্না পুৰ্বতেও বহুবাৰ সংঘটিত হৈছিল ৷
কিন্তু প্ৰশ্ন হল, কিমান আৰু এনেদৰে ছাহিল খান নামৰ লাভ জেহাদিৰ কবলত পৰি প্ৰাণ হেৰুৱাব লগা হব হিন্দু যুৱতী ??
