ড’ হেদগেৱাৰ স্মাৰক সমিতি গুৱাহটীৰ উদ্যোগত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ কাৰ্য্যসূচী আয়োজন কৰা হয়।।

গুৱাহাটী 29 মে – ড’ হেদগেৱাৰ স্মাৰক সমিতি গুৱাহটী উদ্যোগত আজি ২৯ মে (দেওবাৰ)তাৰিখে গুৱাাটীত চহৰৰ উজান বজাৰ হনুমান মন্দিৰৰ সমীপত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ কাৰ্য্যসূচী আয়োজন কৰা হয়। আৰ্থিক ভাৱে পিছপৰা কন কণ ছাত্ৰ ছাত্ৰী সকলৰ সুবধাৰ্থে ড’ হেদগেৱাৰ স্মাৰক সমিতি ৰ গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্য্যকৰ্তা সকলে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা সামগ্ৰী সমূহ বিতৰণ কৰে। উক্ত কাৰ্যক্ৰম ত মুঠ 2৮0 গৰাকী কন কন ছাত্ৰ ছাত্ৰী উপস্থিত হয় । মুঠ ছাত্ৰ ছাত্ৰী সকল ৰ ভিতৰত ১২০ গৰাকী ছাত্ৰ আৰু ১৬০ গৰাকী ছাত্ৰী উপস্থিত আছিল। ইয়াৰ লগতে প্ৰায় ৪০ গৰাকী অভিভাৱক-অভিভাভিকাও উপস্থিত আছিল। কভিদ – ১৯ পৰিস্থিতিৰ ওপৰত বুজ লৈ সকলো ছাত্ৰ ছাত্ৰী কে মাস্ক প্ৰদান কৰে, আৰু সকলোকে চেনিটাইজ কৰা হয়। ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ বহি 2 টাকৈ কলম ,ৰং পেঞ্চিল ,ৰবৰ আৰু অন্যান্য প্ৰয়োজনীয় যাৱতীয় শিক্ষা আহিলা সমূহ প্ৰদান কৰে।অনুষ্ঠানৰ আৰম্ভিতে এটা দেশ প্ৰেম মূলক গীতেৰে অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে বনজিত দাসে । কণ কন ছাত্ৰ ছাত্ৰী সকলক নিজ নিজ স্থানতে খেল ধেমালিৰ মাজেৰে বিনোদন প্ৰদান কৰে । নিৰ্ধাৰিত সময় সূচী অনুসৰি নিদিষ্ট বক্তাৰ পৰিচয় আৰু অনুষ্ঠানটিৰ পৰিচালন কৰে বোধন হাজদাই, উক্ত অনুষ্ঠানতিত ভাষণ প্ৰদান কৰে এ কে শ্ৰীধৰন য়ে । শ্ৰীধৰন য়ে কয় যে ছাত্ৰ ছাত্ৰী সকল ৰ শৈক্ষিক বিকাশৰ জৰিয়তে সামাজিক বিকাশ অথবা দেশৰ বিকাশ সম্ভৱ । ড’ হেদগেৱাৰ স্মাৰক সমিতি গুৱাহটী সমিতি ক এনেধৰণৰ কাৰ্যক্ৰম হাতত লোৱা ৰ বাৱে ধন্যবাদ দিয়াৰ উপৰিও অনাগত দিনবোৰত এনেবোৰ কাৰ্যক্ৰম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানৰ শেষত লঘূ আহাৰ প্ৰদান কৰে । সেই অনুষঠানটোত উপস্থিত থাকি সহায় সহযোগিতা প্ৰদান কৰে উজান বজাৰ হনুমান শাখাৰ সদস্য সকলে ।

