ড৹ শিৱ আচাৰ্য্য স্মৃতি বক্তৃতানুষ্ঠান
বিশ্বনাথ চাৰিআলি, ২৯ ফেব্ৰুৱাৰী :-
যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৭ম সংখ্যক ড৹ শিৱ আচাৰ্য্য স্মৃতি বক্তৃতানুষ্ঠান। এই বক্তৃতানুষ্ঠান আয়োজন কৰে ড৹ শিৱ আচাৰ্য্য স্মৃতি ন্যাস আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ অনানুষ্ঠানিক সংস্কৃত অধ্যয়ন কেন্দ্ৰই যৌথ ভাবে। বক্তৃতানুষ্ঠানত মুখ্যবক্তাৰূপে ভাষণ প্ৰদান কৰে হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে। “বেদত ৰাষ্ট্ৰৰ অৱধাৰণা আৰু ভাৰতৰ একাত্মতা” শীৰ্ষক ভাষণত ড৹ চক্ৰৱৰ্তীয়ে কয় যে অতি প্ৰাচীন কালতেই আমাৰ বেদত ৰাষ্ট্ৰৰ কল্পনা কৰা হৈছিল। আৰু সেই ৰাষ্ট্ৰৰ কোনো ভৌগোলিক সীমা নাছিল। আমাৰ ৰাষ্ট্ৰৰ মূল ভেটি আছিল সংস্কৃতি। যি সংস্কৃতিয়ে সমগ্ৰ মানব জাতিৰ লগতে জীৱজগতৰ লগতে জড়কো সাঙুৰি লৈছিল। ৰাষ্ট্ৰ শব্দৰ উৎস সম্পৰ্কে তেখেতে কয় যে “ৰাজ” শব্দৰ সৈতে ট্ৰন প্ৰত্যয় যোগ হৈ ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছে। ৰাজ শব্দৰ অৰ্থ হৈছে জিলিকি থকা বা উজ্বলি উঠা।
ভাষণ প্ৰসঙ্গত তেখেতে বেদৰ বিভিন্ন দিশ সমূহৰ পৰ্য্যালোচনা ব্যাখ্যা কৰে আৰু সেই তাহানিতেই আমাৰ দেশৰ ঋষি-মুনি সকলে জগতৰ পৰম সত্য উদ্ঘাটন কৰে বুলি মন্তব্য কৰে। ভাষণত তেখেতে ভাৰতবৰ্ষৰ ঐক্যৰ কথা উল্লেখ কৰি বাংলাদেশত গৈ তেখেতৰ হোৱা এটা উদাহৰণ দাঙি ধৰি কয় যে – ভাৰতবৰ্ষ আজি ৭৫ বছৰতো ভাগ ভাগ হৈ যোৱা নাই। অথচ পাকিস্তান ২৫ বছৰতেই দুটুকুৰা হৈ গৈছে। ইয়াৰ মূলতে ভাৰতীয় সভ্যতা-সংস্কৃতি বুলি তেখেতে কয়। তেখেতে কয় ভাৰতীয় সংস্কৃতিয়ে সমন্বয়ৰ কথাহে কয়। ইয়াত বিভাজনৰ সুৰুঙা নাই বৰঞ্চ একাত্মতাৰহে গুৰুত্ব আছে। তেখেতে ভাৰতীয় একাত্মতাৰ এটা সাধাৰণ উদাহৰণ দাঙি ধৰি কয় যে – আমি ডিঙিত লোৱা গামোছাখন ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰেই আছে ; নাম তাৰ বেলেগ বেলেগ হ’ব পাৰে ; কিন্তু তাৰ মান-মৰ্য্যাদা, দৰ্শন ব্যৱহাৰ সকলোতে একে।
মুখ্য বক্তাৰ ভাষণৰ আগে আগে ড৹ শিৱ আচাৰ্য্যৰ চমু জীৱনী আৰু ড৹ শিৱ আচাৰ্য্য স্মৃতি ন্যাসৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে ন্যাসৰ কাৰ্য্যকৰী সভাপতি শ্ৰী কুমুদ বৰঠাকুৰে চমু বিৱৰণ দাঙি ধৰে।
সভাৰ আৰম্ভণিতে বিশ্বনাথ চাৰিআলিৰ মহৰ্ষি বেদ বিজ্ঞান প্ৰতিষ্ঠানামৰ বৈদিক পণ্ডিত সকলে মঙ্গলাচৰণ পৰিৱেশন কৰি অনুষ্ঠানটোক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে আৰু সভাৰ মাজভাগত শ্ৰীমতী তৃষাগ্নি বৰুৱাই এটি বৰগীত পৰিৱেশন কৰি সভাখন ভক্তিময় কৰি তোলে ।
সভাত মুখ্যবক্তাৰ ভাষণৰ পিছত বক্তৃতানুষ্ঠানৰ আদৰণী সমিতিৰ উপসভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ড৹ নৰেশ ঠাকুৰে বক্তৃতানুষ্ঠানটোৰ আয়োজনৰ পৃষ্ঠভূমি দাঙি ধৰি মুখ্যবক্তা ড৹ অমলেন্দু চক্ৰৱৰ্তীক গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ পৰাই চিনি পোৱাৰ কথা উল্লেখ কৰি তেখেতৰ মূল্যবান ভাষণৰ শলাগ লয়।
ড৹ শিৱ আচাৰ্য্য স্মৃতি ন্যাসৰ কাৰ্য্যকৰী সমিতিৰ সভাপতি শ্ৰী খগেন গোস্বামীয়ে তেখেতৰ ভাষণত ড৹ শিৱ আচাৰ্য্যৰ স্মৃতি ৰোমন্থন কৰে আৰু ন্যাস প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰি ন্যাসৰ বিভিন্ন কাম কাজত সকলোৰে সহযোগিতা কামনা কৰে।
এনে এখন মহৎ অনুষ্ঠানৰ সফল সমাপ্তিৰ বাবে আদৰণী সমিতিৰ কাৰ্য্যকৰী সভাপতি শ্ৰী অতুল শৰ্মাদেৱে প্ৰত্যক্ষ-পৰোক্ষভাবে সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।
আদৰণী সমিতিৰ সম্পাদক শ্ৰীমতী শান্তা বৰঠাকুৰ আৰু ন্যাসৰ সম্পাদক শ্ৰী বিনোদ দবাৰীয়ে পৰিচালনা কৰা এই বক্তৃতানুষ্ঠানত বিশ্বনাথ চাৰিআলি তথা জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ডেৰ শতাধিক প্ৰবুদ্ধ নাগৰিক, চিন্তাবিদ্ তথা বুদ্ধিজীয়ে অংশগ্ৰহণ কৰে। এই বক্তৃতানুষ্ঠানৰ এটা বিশেষত্ব আছিল যে পৰিচালকদ্বয়ে অসমীয়া আৰু সংস্কৃত এই দ্বৈত ভাষাৰে সভা পৰিচালনা কৰিছিল। এনে ধৰণৰ বক্তৃতানুষ্ঠান বিশ্বনাথ চাৰিআলিত এয়ে প্ৰথম বুলি বহুতে মত ব্যক্ত কৰিছে।

