“প্ৰকৃতি সংৰক্ষণ এক ভাৰতীয় দৰ্শন” নেচাৰ্চ বেকনৰ উদ্যোগত পষেক জোৰা “মহৰ্ষি বাল্মিকী চৰাই সংৰক্ষণ পক্ষ”
“মানিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ ।
যৎ ক্ৰৌঞ্চ মিথুনাদেকষবধীঃ কামমোহিতম্ ।।”
মহৰ্ষি বাল্মিকীৰ কণ্ঠেৰে নিৰ্গত এই শ্লোক ফাঁকিয়েই হ’ল বনৰীয়া চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত পৃথিৱীৰ প্ৰাচীনতম সংৰক্ষণ বাৰ্তা । সেই সূত্ৰে মহৰ্ষি বাল্মিকীয়েই হ’ল পৃথিৱীৰ প্ৰথম বনৰীয়া চৰাইৰ সংৰক্ষক তথা প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাবহনকাৰী প্ৰথমজন প্ৰকৃতি সাহিত্যক । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰকৃতি সংৰক্ষণৰ ধাৰণা মানৱজাতিৰ মাজত প্ৰৱাহিত কৰা মহৰ্ষি বাল্মিকীক এইদৰে স্মৰণ কৰে ৰাজ্যৰ প্ৰখ্যাত প্ৰকৃতি সংৰক্ষণবিদ, নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই । অহা ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ নেচাৰ্চ বেকনৰ উদ্যোগত ৰাজ্যজুৰি “মহৰ্ষি বাল্মিকী চৰাই সংৰক্ষণ পক্ষ” আয়োজনৰ বিষয়ে ঘোষণা কৰি এক সংবাদ মেলত দত্তই এই সন্দৰ্ভত কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয়,”আমি হয়তো অনুভৱ নকৰোঁ যে মহৰ্ষি বাল্মিকী আছিল ভাৰত তথা সমগ্ৰ পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু প্ৰকৃতি সাহিত্যক।” এই সন্দৰ্ভত তমস্যা নদীৰ পাৰত এজন ব্যাধে মিলনৰত অৱস্থাত থকা এহাল ক্ৰৌঞ্চ পক্ষীৰ ওপৰত শৰ মাৰি মতা ক্ৰৌঞ্চ পক্ষীটো বধ কৰা ঘটনাত মহৰ্ষি বাল্মিকী শোকবিহ্বল হৈ পৰা পৌৰাণিক আখ্যানটো দত্তই স্মৰণ কৰে । সেই মূহুৰ্তত ব্যাধজনক ভৎসৰ্ণা কৰি মহৰ্ষি বাল্মিকীয়ে যিটো শ্লোক উচ্ছাৰণ কৰিছিল, সেই শ্লোকটেই নিহিত হৈ আছে প্ৰজনন ঋতুত পক্ষী কুলৰ অনিষ্ট সাধন কৰাটো অত্যন্ত নিকৃষ্ট কাম । সেই শ্লোক ফাঁকিৰ জৰিয়তেই পক্ষী তথা প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সচেতন হোৱাৰ বাৰ্তা প্ৰথম বাৰৰ বাবে মানৱ সমাজে লাভ কৰিলে বুলি সৌম্যদ্বীপ দত্তই সংবাদ মেলত উল্লেখ কৰে। প্ৰকৃতি সংৰক্ষণ সম্পূৰ্ণৰূপে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক অন্তৰ্নিহিত ধাৰণা বুলি অভিহিত কৰি দত্তই সংৰক্ষণৰ ধাৰণা পশ্চিমীয়া দেশত উদ্ভুত বুলি প্ৰচলিত চিন্তাক সজোৰে নাকচ কৰে । “বৃটিছ সকলে ভাৰতলৈ আহি বনৰীয়া পশু-পক্ষী চিকাৰক মনোৰঞ্জনলৈ পৰ্যবসিত কৰিলে, যাৰ ফলত দেশৰ পশু-পক্ষীকুলৰ বিস্তৰ ক্ষতিসাধন হ’ল”- দত্তই লগতে উল্লেখ কৰে । ভাৰতীয় সভ্যতা-সংস্কৃতিত প্ৰকৃতি সংৰক্ষণৰ ধাৰণা যে ওতঃপ্ৰোতভাৱে সংপৃক্ত হৈ আছে সেই বাৰ্তা জনসমক্ষলৈ অনাৰ উদ্দ্যেশ্যেৰেই ১ নৱেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ “মহৰ্ষি বাল্মিকী চৰাই সংৰক্ষণ পক্ষ” পালনৰ বাবে নেচাৰ্চ বেকনে উদ্যোগ লৈছে। এই সময়চোৱাত বিদ্যালয়-মহাবিদ্যালয়-সাংস্কৃতিক অনুষ্ঠান আদিত বিভিন্ন ধৰণৰ সচেতনতা বৃদ্ধিমুলক কাৰ্যসূচী লোৱা হ’ব বুলি দত্তই জানিবলৈ দিয়ে । ১৪ নৱেম্বৰত গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএ চেন্টাৰত কেন্দ্ৰীয় ভাবে দিনজোৰা বিশেষ কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। ক্ৰৌঞ্চ পক্ষীৰ প্ৰজনন ঋতুৰ লগত সংগতি ৰাখি ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ পষেকটো এই অভিযানৰ বাবে বাচনি কৰা হ’ল বুলি সৌম্যদ্বীপ দত্তই জানিবলৈ দিয়ে। সংবাদ মেলত অংশলৈ বিশিষ্ট সাহিত্যিক-লেখক ৰূপম বৰুৱাইও প্ৰকৃতিৰ লগত ভাৰতীয় সংস্কৃতিৰ সম্পৰ্ক প্ৰাচীনতম বুলি উল্লেখ কৰে । প্ৰকৃতি সংৰক্ষণৰ প্ৰাচীনতম ধাৰণা “তপোবন”ৰ পৰাই আধুনিক অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যানৰ ধাৰণাৰ সৃষ্টি হোৱাৰ প্ৰসংগও বৰুৱাই উল্লেখ কৰে। নেচাৰ্চ বেকনৰ গুৱাহাটীৰ সমন্বয়ক নৱনীতা শৰ্মাইও প্ৰকৃতি সংৰক্ষণ সম্পূৰ্ণৰূপে ভাৰতীয় দৰ্শন বুলি অভিহিত কৰি আজিৰ যুৱ-প্ৰজন্মই এই কথাখিনি জনা উচিত বুলি দোহাৰে ।
