March 31, 2026

বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল।১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেছিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলিকতাৰ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰিছিল৷ পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে৷ পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে৷ সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে ‘কলাগুৰু’ বুলি অভিহিত কৰা হয়৷
১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে।

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত ‘সংগীত আৰু শ্ৰীশ্ৰীশংকৰদেৱৰ গায়ন’ নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহু জনপ্ৰিয় হৈ পৰিছিল। এই প্ৰবন্ধটো আৱাহন আলোচনীত প্ৰকাশ পাইছিল।

ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। তাৰে কেইটামান কবিতাটি আছিল

“ৰাজ্যে আছে দুইটি পাঠা

একটি কালো একটি সাদা

ৰাজ্যেৰ যদি মঙ্গল চাওঁ

দুইটি পাঠাই বলি দাওঁ।”

১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে ৰাভাদেৱে।

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত ‘ছিৰাজ’ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে।

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে।

ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ সন্নিবিষ্ট হৈছে।গীতসমূহত প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱীভাৱ আদি ভিন্ন ধৰণৰ বিষয়বস্তুৰ। কিছু সংখ্যক শিশু উপযোগী গীত আছে। ৰাভাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে-

মোৰ কবিতাৰ ছন্দ লাগি

পৰজনমৰ শুভলগনত

লগন উকলি গ’ল

টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে

নাহৰ ফুলে নুশুৱাই

এয়ে মোৰ শেষ গান

বল বল বল কৃষক শক্তি দল

সুৰৰে দেউলৰে ৰূপৰে শিকলি

বিশ্বৰ ছন্দে ছন্দে

আজি মন্দিৰ দুৱাৰ খোলা

তেজৰ বোলেৰ লিখি যাম ইতিহাস

হে বিপ্লবী বীৰ অধিনায়ক হে

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

আজলী ছোৱালী নানা ফুল তুলি

বিলতে হালিছে ধুনীয়া পদুমী

অ’ গুৰু মোৰ শংকৰ তৰিবৰ কিনো উপায়

নিছলা আইৰে আমি খাটি অসমীয়া

কাষতে কলচি লৈ

সখি হে কি কমে দুখৰে কথা

উটি যা ৰূপালী নাও

অ’ অসমীয়া ডেকা দল ইত্যাদি।

উল্লেখনীয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক কাৰেঙৰ লিগিৰীত ৰাভাদেৱে ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ শীৰ্ষক গীতটি প্ৰাণ ঢালি গাইছিল।তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত।

অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত। ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। নাটকখনৰ নাম আছিল হৰিশ্চন্দ্ৰ। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেইবাটাও বিষয়ত সহায় কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী” নাট পৰিচালনা কৰোঁতেও ৰাভাই সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু ‘সুদৰ্শন’ চৰিত্ৰত অভিনয়ো কৰিছিল।ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুংকা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিয়েমৰ ভাও দিছিল।

বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত ১৯খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈছে। ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল।  প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল।

কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল বুলি প্ৰবাদ আছে।কিন্তু বিষ্ণু প্ৰসাদ ৰাভাই ১৯৪০ চনত লিখা এখন চিঠিত এই বিষয়ে একো উল্লেখ নাই আৰু সেই অনু্ষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণণ উপস্থিত থকাৰ কথাও কোৱা নাই৷ বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবুধ কলিতা। তেওঁ ১৯৬৯ চনৰ ২১ জুনত ‘দৈনিক অসম’ত ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল। তেওঁৰ স্মৃতিত সাংবাদিক তিলক দাসে “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” আৰু “বিষ্ণু ৰাভা পুনৰ আহিব উভতি” শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল।

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি  তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App