News অসমীয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ভুৱা অভিযোগ ৷ ADMIN August 23, 2025 1 min read নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ভুৱা অভিযোগ ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ভুৱা অভিযোগ ৷ বাওঁপন্থী চৰকাৰৰ কলংকিত প্ৰচেষ্টা ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তীব্ৰ বিৰোধিতাৰ ফলত কেৰালা চৰকাৰে নেতাজীক বদনাম কৰিবলৈ আৰু ৰাষ্ট্ৰবিৰোধী ভুল তথ্য সমুহক পাঠ্যপুথিত থকা ভুলবোৰ শুধৰাবলৈ বাধ্য হ’ল। কেৰালাৰ বাওঁ চৰকাৰৰ কু অভিসন্ধিৰ প্ৰচেষ্টা অখিল ভাৰতীয় বিদ্যাৰ্থীৰ প্ৰতিবাদত ব্যৰ্থ হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তীব্ৰ প্ৰতিৰোধৰ বাবে পাঠ্যপুথিৰ পৰা বিকৃত তথ্য কেৰালা চৰকাৰে আঁতৰাবলৈ বাধ্য হয়। কেৰালা চৰকাৰে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ শিক্ষক-পাঠ্যপুথিত নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কত পৰিকল্পিতভাৱে বিকৃত আৰু ভুল তথ্য সন্নিবিষ্ট কৰি আঁতৰোৱাৰ সিদ্ধান্ত ল’বলগীয়া হয়। মনকৰিৱলগীয়া কথা যে, পাঠ্যক্ৰম পুনৰীক্ষণৰ অধীনত কেৰালা কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেংনিঙে প্ৰস্তুত কৰা খচৰাত নেতাজী সুভাষ চন্দ্ৰ বসুক কাপুৰুষ আখ্যা দি ব্ৰিটিছৰ ভয়ত জাৰ্মানীলৈ পলাই যোৱা বুলি ভুৱা অপ-প্ৰচাৰ কৰা হৈছিল। লগতে অসম আৰু ঝাৰখণ্ডৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহো ইচ্ছাকৃতভাৱে ভাৰতৰ মানচিত্ৰৰ পৰা আঁতৰাই পেলোৱা হৈছিল। উল্লেখ্য, দেশজোৰা প্ৰতিবাদ আৰু এবিভিপিৰ আনুষ্ঠানিক অভিযোগৰ পিছত কেৰালাৰ সাধাৰণ শিক্ষা বিভাগে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সংশোধন নকৰাকৈ কোনো কিতাপ ছপা কৰিব নালাগে বুলি নিৰ্দেশ দিছে। এতিয়া সংশোধিত আৰু সংশোধিত লিখনী SCERT ৱেবছাইটত উপলব্ধ। লগতে এই গুৰুতৰ ভুলৰ বাবে দায়ী পাঠ্যপুথি নিৰ্মাণ সমিতিৰ সদস্যসকলক পৰৱৰ্তী সকলো শিক্ষামূলক কাম-কাজৰ পৰা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। উক্ত বিষয় সন্দৰ্ভত এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰৱণ বি ৰাজে কয়, ‘এবিভিপি ৰ তীব্ৰ প্ৰতিবাদ আৰু হস্তক্ষেপৰ বাবেহে কেৰালা চৰকাৰে নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিবলগীয়া হ’ল।ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক কাপুৰুষ বুলি কোৱাটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল। লগতে অসম আৰু ঝাৰখণ্ডক মানচিত্ৰৰ পৰা আঁতৰাই দিৱলৈ চেষ্টা কৰাটো এক ৰাষ্ট্ৰীয় অখণ্ডতা ভংগ কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ বিশেষ ৷ ভাৰতৰ ভৱিষ্যত প্ৰজন্মৰ মনত এনে বিষাক্ত সামগ্ৰী কেতিয়াও প্ৰৱেশ কৰিবলৈ নিদিয়ে বুলিও তেখেতে মন্তব্য কৰে ৷ এবিভিপি কেৰালাৰ ৰাজ্যিক সম্পাদক ই.ইউ. ইশ্বৰ প্ৰসাদে কয়, ‘কেৰালা চৰকাৰে নিজকে শৈক্ষিক আৰ্হি বুলি অভিহিত কৰি ছাত্ৰ – ছাত্ৰীক বিকৃত ইতিহাস আগবঢ়াই তেওঁলোকৰ কলুষিত মানসিকতা ধৰা পৰিছে।এয়া ৰাষ্ট্ৰীয় বিৰোধী উপাদানৰ পৰা জন্ম হোৱা বাওঁপন্থী মানসিকতাৰ ফল।এবিভিপিৰ সামূহিক শক্তি আৰু দেশজোৰা কণ্ঠৰ বাবেই চৰকাৰে এই জঘন্য অপৰাধ কাৰ্যক শুধৰণি কৰিবলগীয়া হৈছে।আমি বাওঁপন্থী চৰকাৰক আকৌ এবাৰ সকীয়াই দিব বিচাৰিছো যে এবিভিপি প্ৰতিটো ৰাষ্ট্ৰীয়বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে শিলৰ দৰে থিয় দিব।” Tags: Netaji Continue Reading Previous Previous post: সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাNext Next post: RSS and the Freedom Movement Related News RSS Sarkaryavah Calls for Decolonisation of Mind at IIT Guwahati Youth Conclave RSS Sarkaryavah Calls for Decolonisation of Mind at IIT Guwahati Youth Conclave March 23, 2026 आईआईटी गुवाहाटी में युवा सम्मेलन के साथ आरएसएस शताब्दी वर्ष का आयोजन, राष्ट्र निर्माण और सभ्यतागत दायित्व पर जोर आईआईटी गुवाहाटी में युवा सम्मेलन के साथ आरएसएस शताब्दी वर्ष का आयोजन, राष्ट्र निर्माण और सभ्यतागत दायित्व पर जोर March 23, 2026