ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত শিশু সংস্কাৰ কেন্দ্ৰৰ সহযোগত সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ শতবৰ্ষ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ আৰম্ভণিত ড: ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সুধাকন্ঠৰ একালৰ সহযোগী বাদ্যযন্ত্ৰী কমল কটকীয়ে ৷ উল্লেখ্য, ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ সৌজন্যত শিশু সংস্কাৰ কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭আগষ্টৰ পৰা বৰবৰীস্থিত সুৰ্দশনালয়ত সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভূপেন্দ্ৰ সংগীত কৰ্মশালা এখনিৰ আয়োজন কৰা হৈছিল। সুধাকণ্ঠৰ ১০০ টা কালজয়ী গীতৰ ওপৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সমল ব্যক্তি হিচাবে শৰৎ ৰাগ আৰু ত্ৰিবেণী বুজৰবৰুৱাই অংশ লয় ৷ এই উপলক্ষে কালি অনুষ্ঠিত সভাত ড˚ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভণি গীত পৰিৱেশন কৰে হেডগেৱাৰ সমিতিৰ শিশু সংস্কাৰ কেন্দ্ৰৰ লগত জড়িত সদস্যাসকলে। ইয়াৰ পিছতে শিশু সংস্কাৰ কেন্দ্ৰৰ ছাত্ৰী শ্ৰী ৰিতিস্মিতা হাজৰিকা, জ্যোতিস্ময় ৰাজ, হৰ্ষিতা হাজৰিকা আৰু শিশু শিল্পী ময়ূৰী ডেকাই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। সভাত নিমন্ত্ৰীত শিল্পী কমল কটকীয়ে সুধাকন্ঠৰ লগত একালৰ বাদ্য সংগত কৰাৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ড˚ ভূপেন দাৰ নাতিনীৰ মুনমী দেৱীৰ লগত অন্তৰংগতাৰে কিছু ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে কটকীয়ে শেষত ডাঃ হেডগেৱাৰ স্মাৰক সমিতিয়ে অনুষ্ঠিত কৰা শিশু সংস্কাৰ কেন্দ্ৰৰ সুন্দৰ প্ৰচেষ্টাক শলাগ লয় আৰু এই সুন্দৰ অনুষ্ঠানটিত সহযোগ কৰিবলৈ পায় নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে সভাত উপস্থিত থকা সকলোকে ভূপেন্দ্ৰ গীত মানুহে মানুহৰ বাবে.. আৰু আমি একখন নাৱৰে যাত্ৰী গীতটো একেলগে পৰিবেশন কৰাই অনুষ্ঠানটিত সুন্দৰ কৰি তোলে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ শংকৰ দাসকয় যে ড˚ ভূপেন হাজৰিকা দেৱৰ গীতৰ প্ৰভাৱত মানুহে ভাষা আৰু শব্দৰ জ্ঞান পোৱাৰ লগতে তেখেতৰ গীতসমূহৰ শব্দৰ গাঁঠনিয়ে মানুহক বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছিল। সেইসময়ৰ গীতিকাৰ, গায়ক, বাদ্যযন্ত্ৰী তথা বিভিন্ন কবিতা, লিখনি আদিৰ জৰিয়তে বিভিন্ন জাতি জনজাতিক সমাজত একতাৰে বান্ধী ৰাখিছিল। জীৱিত কালত তেখেতক প্ৰকৃত স্বীকৃতি প্ৰদান কৰা নহল। তেখেতৰ কালজয়ী ৰচনাৱলী, গীত সমূহ জীয়াই ৰাখিব পাৰিলেহে তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ সাৰ্থক হব বুলি শংকৰ দাস কলিতাই মন্তব্য প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী বিভাগৰ বিভাগ কাৰ্যবাহ দিলীপ শৰ্মাই ভূপেন হাজৰিকাই যে কেৱল অসমীয়া গীতে গায়, সেইটো নহয় ভূপেন হাজৰিকা বাংলা গীতৰ বাবে কলকতাৰ প্ৰতিজন লোকৰ হাড়ে হাড়ে সোমাই পৰিছিল বুলি মন্তব্য কৰে ৷ শিশু সংস্কাৰ কেন্দ্ৰৰ উদ্যোগত ১০০ টা গীতৰ কৰ্মশালাৰ প্ৰশিক্ষক শৰৎ ৰাগে কালজয়ী গীত ‘সাগৰ সংগম’ গীতটি পৰিৱেশন কৰে। আন এগৰাকী প্ৰশিক্ষিকা ত্ৰিবেণী বুজৰবৰুৱাই আন এটি কালজয়ী ভূপেন্দ্ৰ গীত পৰিবেশ কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় শিশু সংস্কাৰ কেন্দ্ৰৰ কৰ্মশালৰ মাতৃ গোটৰ সদস্যা শিখা কলিতাই ৷
