বিশ্বৰ ভিন্ন প্ৰান্তত বাস কৰা খিলঞ্জীয়া লোক সকলৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰাৰ বাবে প্ৰতি বছৰৰ ৯ আগষ্ট তাৰিখে ৰাষ্ট্ৰঃ সংঘৰ দ্বাৰা “বিশ্ব খিলঞ্জীয়া দিৱস” উদযাপন কৰি অহা হৈছে । খিলঞ্জীয়া লোক সকলৰ শিক্ষা ,সংস্কৃতি, স্বাস্থ্য ,মানৱ অধিকাৰ,পৰিবেশ আৰু আৰ্থসমাজিক অৱস্থাক সুৰক্ষিত কৰাটোৱে হৈছে এই দিৱসৰ মুখ্য উদ্দেশ্য ।
ইয়াৰোপৰি বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল।
১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপ পৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল।