ডিজিটেল ডেস্ক: ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষই বিশ্বযুদ্ধৰ ৰূপ ল’ব পাৰে। তুৰ্কী আৰু ৰাছিয়াই যিধৰণে বিষয়টো চাই আছে, সেইটোৱে আশংকা সৃষ্টি কৰিছে যে সংঘৰ্ষ কেৱল দুখন দেশতে সীমাবদ্ধ নাথাকিব। ইজৰাইল আৰু পেলেষ্টাইইনৰ হামাছ সত্ৰাসবাদীৰ মাজত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। উল্লেক্ষ যে কালি গোটেই নিশা সঘৰ্ষ চলে আৰু এই সংঘৰ্ষত কমে 80 জন লোকৰ মৃত্যু হয় ।
বিগত কেই বছৰৰ ভিতৰত কালিৰ দিনটোত হোৱা সংঘৰ্ষ আটাইতকৈ ভয়ানক আছিল । আৰু আকাশ মাৰগেৰে কৰা হৈছিল এই ভয়ানক আক্ৰমণ । কালি নিচেই পুৱাতে ইজৰাইলে গাজাত শতাধিক বোমা নিক্ষেপ কৰিছিল । তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ তেয়েপ এৰ্দোগানে এই সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ সৈতে কথা পাতিছে। এৰ্দোগানে পুটিনক কয় যে ইজৰাইলে পেলেষ্টাইনৰ প্ৰতি যিধৰণে পদক্ষেপ লৈছে ইয়াৰ বাবে ইজৰাইলক এক শক্তিশালী পাঠ শিকোৱা প্ৰয়োজন।
ৰেচেপ তেয়েপ এৰ্দোগানে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক কয় যে আন্তৰ্জাতিক সম্প্ৰদায়ে ইজৰাইলক এটা কঠিন আৰু কিছু বেলেগ ধৰণৰ শিক্ষা দিয়া উচিত। তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ যোগাযোগ সঞ্চালকালয়ৰ মতে, দুয়োখন দেশৰ নেতাই বুধবাৰে টেলিফোনযোগে জেৰুজালেমৰ বিতৰ্কিত অঞ্চলৰ বিষয়ে আলোচনা কৰে আৰু তেতিয়াই এৰ্দোগানে কয়, যে “আন্তৰ্জাতিক সম্প্ৰদায়ে ইজৰাইলক এটা কঠিন আৰু বেলেগ ধৰণৰ শিক্ষা দিয়া উচিত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইজৰাইললৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিবলৈ হস্তক্ষেপ কৰা উচিত’।
তুৰ্কীৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰপতি এৰ্দোগানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক পৰামৰ্শ দিছিল যে ফিলিস্তিনিসকলক সুৰক্ষা দিবলৈ আন্তৰ্জাতিক সুৰক্ষা বাহিনীৰ কথা বিবেচনা কৰা উচিত। ইফালে, গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে গাজাত ১৬ টা শিশু আৰু পাঁচগৰাকী মহিলাকে ধৰি মৃত্যুৰ সংখ্যা ৬৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৮৬ টা শিশু আৰু ৩৯ গৰাকী মহিলাকে ধৰি কমেও ৩৬৫ জনকৈ লোক আহত হৈছে।
ইজৰাইলৰ বিমান আক্ৰমণত উগ্ৰপন্থী গোট হামাসৰ গাজা চিটি কমাণ্ডাৰ নিহত হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৪ চনত গাজা যুদ্ধৰ পিছত বুধবাৰে হোৱা আক্ৰমণত নিহত হোৱা হামাচৰ সৰ্ববৃহৎ বিষয়া বাচাম ইছা (বাচেম ইছা)। আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গাণ্টছে স্পষ্ট কৰি দিয়ে যে আক্ৰমণ বন্ধ নহ’ব। তেওঁ কৈছিল যে গাজা ষ্ট্ৰিপ আৰু পেলেষ্টাইনত আমাৰ সেনাৰ আক্ৰমণ বন্ধ নহ’ব। আমি শত্ৰুক সম্পূৰ্ণৰূপে শান্ত নকৰালৈকে ৰ’বলৈ সাজু নহয়। তেতিয়াহে শান্তি অথবা পুনৰুদ্ধাৰৰ ওপৰত আলোচনা হ’ব।