ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ অনুষ্ঠানত RSSৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ ।
পৰ্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
বৰ্তমান বিশ্বৰ সন্মুখত পৰ্য্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত ডাঙৰ প্ৰত্যাহ্বান হিচাবে থিয় দিছে । এই ক্ষেত্ৰত বিশ্বৰ বিজ্ঞানী সকলে ইয়াৰ ভয়াবহতাৰ বিষয়ে বাৰে বাৰে সকীয়াই আহিছে । আনকি
ৰাষ্ট্ৰ সংঘয়ো সময়ে সময়ে বিভিন্ন দেশ সমূহক লব লগা সাৱধনতাৰ বিষয়ে সকীয়াই দি আহিছে । সম্প্রতি সমগ্র বিশ্বই এক ডুবন্ত জাহাজত ডুবিবলৈ গৈ আছোঁ কিন্তু ইয়াৰ পৰিত্ৰাণৰ উপায় ওলোৱা নাই ।
এই অভিমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ তথা গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিভাগৰ শিক্ষক ৰথীন্দ্ৰ সিংহৰ । উল্লেখ্য, পৰ্যাবৰণৰ গুৰুত্ব উপলদ্ধি কৰি
আজি বিয়লি ৪ বজাত গুৱাহাটীৰ নাৰায়ণ নগৰ স্থিত আলোক ভৱনত সংঘ সাধক মধুকৰ লিময়ে সভাগৃহত ডঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত ভাৰতীয় দৰ্শন আৰু পৰ্য্যাবৰণ শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহই গুৱাহাটী মহানগৰীৰ কেইবাখনো উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন বিষয়ৰ শিক্ষকৰ উপস্থিতিতে ভাৰতীয় দৰ্শন আৰু পৰ্য্যাবৰণৰ ওপৰত যুক্তি সম্পন্ন বক্তৃতা আগবঢ়াই কয় যে ভাৰতীয় দৰ্শন এক বিজ্ঞান সন্মত দৰ্শন বিজ্ঞানৰ প্ৰতিটো কথাই ভাৰতীয় দৰ্শনৰ লগত মিল আছে আৰু সেয়েহে ভাৰতীয় সমাজ জীৱন শৈলীত পৰ্য্যাবৰণৰ বিশেষ গুৰুত্ব আছে । আনহাতে
পৰ্য্যাবৰণ প্ৰসংগত তেওঁ কয় যে পৰ্যাবৰণ হল ভৌতিক অৱস্থা বা পৰিবেশ যিয়ে জীৱকুলক চাৰিওপিনে আৱৰি ৰৈ আছে । যাৰ অবিহনে জীৱন সম্ভৱ নহয় । পৰ্যাবৰনে জীৱন দিয়েপৰ্যাবৰণ সঠিকভাবে নাথাকিলে জীৱনৰ বাবে বিপৰ্যয় অৱশ্যাম্ভাৱী বুলি ভাষন প্ৰসংগ মন্তব্য কৰে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বুজৰবৰুৱা, মহানগৰ সংঘ চালক গুৰুপ্ৰসাদ মেধি, প্ৰান্তীয় কার্যবাহ খগেন শইকীয়াৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তিয়েও অংশগ্রহণ কৰে। আনহাতে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উদয় হোৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ ৰথীন্দ্ৰ সিংহ স্পষ্টতাৰে বুজাই দিয়ে । অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যক্ৰমৰ পাতনি মেলা হয়। প্ৰায়
১ ঘণ্টা জোৰা এই বৌদ্ধিক কাৰ্যক্ৰম শেষত বন্দে মাতাৰম গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়