আগৰতলা, ২ নৱেম্বৰ:
ত্ৰিপুৰাত সংস্থাপন লাভ কৰা মিজোৰামৰ ব্ৰু বা ৰিয়াং জনগোষ্ঠীয় লোকসকলৰ ভোটাধিকাৰ প্ৰদানৰ দাবীত সক্ৰিয় হৈ উঠিছে তিপ্ৰা ম’থা পাৰ্টীৰ মূৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মা । ত্ৰিপুৰা ৰাজবংশৰ বংশধৰ তথা জিলা পৰিষদৰ সদস্য (MDC) দেৱবৰ্মাই অলপতে ৰাজ্যখনৰ ৰাজ্যিক নিৰ্বাচনী বিষয়া সৰদিন্দু চৌধুৰীক সাক্ষাৎ কৰি ত্ৰিপুৰাত সংস্থাপিত কৰা ব্ৰু জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিক অধিকাৰ ন্যস্ত কৰাত গুৰুত্ব আৰোপ কৰে । উল্লেখনীয় যে, প্ৰায় দুই দশক পূৰ্বে মিজোৰামৰ গোষ্ঠী সংঘৰ্ষত সৰ্বস্ব হেৰুৱাই বুজন সংখ্যক ব্ৰু বা ৰিয়াং জনগোষ্ঠীৰ পৰিয়ালে ত্ৰিপুৰাত আশ্ৰয় লৈছিল। এই ভগনীয়া ব্ৰুসকলৰ অন্তিমটো গোটক অলপতে ত্ৰিপুৰাৰ ১৩খন জিলাৰ ভিন্ন স্থানত স্থায়ীভাৱে সংস্থাপিত কৰা হয়। সংস্থাপনৰ পিছতে এইসকল লোকৰ ভোটাধিকাৰৰ বিষয়টোৱে প্ৰাসংগিকতা লাভ কৰে । ত্ৰিপুৰা জনজাতীয় এলেকা স্বায়ত্বশাসিত জিলা পৰিষদৰ অধীনৰ অঞ্চলত সংস্থাপন কৰা এই লোকসকলে যাতে সমাগত গাওঁ পৰিষদৰ নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰে সেইয়া সুনিশ্চিত কৰিবলৈ তিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মাই ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক আহ্বান জনায়।