
দেশ-ৰাজ্যৰ জটিল সন্ধিক্ষণত হাতে কামে আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে।

কভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বত লাখ লাখ লোকৰ প্ৰাণহানি কৰাৰ লগতে আক্রান্তৰ সংখ্যাই ভাৰতবৰ্ষটো জটিলতাৰ সৃষ্টি কৰি আহিছে। দেশ-ৰাজ্যৰ এনে জটিল সন্ধিক্ষণত হাতে কামে আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে। নিজৰ জীবনৰ কথা চিন্তা নকৰি স্বয়ংসেৱক সকলে দেশ আৰু দহৰ স্বাৰ্থত অহৰহ ভাবে কাম কৰি আহিছে। আনকি কভিড-১৯ আক্রান্ত সকলৰ শুশ্রূষা কৰাৰ উপৰিও আংশিক লকডাউনৰ ফলত খোৱা-লোৱাত অসুবিধাৰ সন্মুখীন হোৱা একাংশ লোকৰ বাবে খাদ্যৰ যোগান ধৰি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে। এই মৰ্মে গোলাঘাট জিলাৰ নগৰত যোৱা ১৭ মে’ৰ পৰা পদ-পথত থকা দৰিদ্ৰ লোক সকলক আৰু শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত থকা লোকসকলৰ বাবে ভোজনৰ টোপোলা বিতৰণ কৰে। গোলাঘাট নগৰৰ স্বয়ংসেবক সকলে সম্পূর্ণ নিজাববীয়াকৈ আগন্তুক কৰ’না কালীন সময়ৰ দিনসমূহত এই সেৱা কাৰ্য অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, গোলাঘাট জিলা সেৱা বিভাগৰ উদ্যোগত খাদ্য যোগানৰ এনে জনহিতকৰ কাৰ্যক সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে।