ভাৰত পুনৰ বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠিত হ’ব – যতীন্দ্ৰ শৰ্মা, বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী
বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ তিনিদিনীয়া আবাসিক বৰ্গ অনুষ্ঠিত
গুৱাহাটী : ২ মাৰ্চ ২০২১ : প্ৰান্তীয় সংবাদদাতা
যোৱা ২৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ডিমা হাচাও জিলাৰ হাফলঙ স্থিত সৰস্বতী বিদ্যা মন্দিৰত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ তিনিদিনীয়া আবাসিক বৰ্গৰ আজি দুপৰীয়া সামৰণি পৰে। উক্ত বৰ্গত অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ পৰা ৪৬ গৰাকী পূৰ্ণকালীন কাৰ্যকৰ্তা আৰু ৫ গৰাকী অধিকাৰীয়ে অংশ গ্ৰহণ কৰে। সামৰণি ভাষণত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী যতীন্দ্ৰ শৰ্মাই কয় যে বিদ্যা ভাৰতীয়ে শিক্ষাৰ মাধ্যমেৰে দেশক বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰাৰ হকে কাম কৰি আছে। লগতে তেখেতে কয় যে পূৰ্ণকালীন কাৰ্যকৰ্তাসকলে অভাৱৰ মাজত থাকিও নিজৰ কাৰ্মৰ দ্বাৰা সমাজক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সঠিক কাৰ্যকৰীকৰণৰ বিষয়েও কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰে।
বৰ্গত জিলা কেন্দ্ৰৰ বিদ্যালয়ৰ সৱলীকৰণ, ৰাষ্ট্ৰীয় শিক্ষী নীতিৰ বলবত কৰণ, প্ৰাক্তন ছাত্ৰ পৰিষদ, মানক পৰিষদ, শিশু বাটিকা, সংস্কৃতি বোধ পৰিযোজনা, প্ৰচাৰ বিভাগ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা কৰি পৰিকল্পনা প্ৰস্তুত কৰা হয়।
সৰস্বতী শিশু মন্দিৰ যোজনাৰ জনক কৃষ্ণচন্দ্ৰ গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এই বৰ্গত কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ তৰফৰ পৰা ২৫ বছৰ ধৰি নিৰৱচ্ছিন্ন সেৱা আগবঢ়োৱা কেইবাগৰাকী কাৰ্যকৰ্তা ক্ৰমে — ৰামপ্ৰকাশ শৰ্মা, বশিষ্ঠৰাম ডেকা, দেৱদাস সিংহ, প্ৰকাশ চক্ৰৱৰ্তী, মনতুইংগ জেমীক একোখনকৈ প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকাকৈ উপহাৰ আগবঢ়োৱা হয়।
ডিমা হাচাও জিলাৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গাৰ্লোচাকো শিক্ষা ক্ষেত্ৰত তেখেতে আগবঢ়োৱা সহযোগিতাৰ বাবে যতীন্দ্ৰ শৰ্মাই প্ৰশস্তি পত্ৰ প্ৰদান কৰি সন্মানিত কৰে। বৰ্গত বিদ্যা ভাৰতীৰ কেন্দ্ৰীয় কাৰ্যকাৰিণীৰ মন্ত্ৰী ব্ৰহ্মাজী ৰাও, বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড॰ পৱন তিৱাৰীয়েও কাৰ্যকৰ্তাসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।