মণিপুৰত চলি থকা মেইতী-কুকী সংঘাত মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ জিৰিবাম জিলাৰ পৰিস্থিতিও স্পৰ্শকাতৰ হৈ উঠিছে। শেহতীয়াকৈ সংঘটিত এলানি হিংসাত্মক ঘটনাই জিলাখনত অস্থিৰতা বৃদ্ধি কৰিছে। যোৱা ১৮ মাহ ধৰি অব্যাহত থকা সংঘাতৰ মাজত পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছে ।
মণিপুৰৰ জিৰিবাম আৰু অসমৰ কাছৰ জিলাৰ জিৰিঘাটৰ বাসিন্দাসকল সম্প্ৰতি এক দুঃস্বপ্নময় পৰিস্থিতিৰ সন্মুখীন হৈছে । দুই ৰাজ্যৰ সীমামূৰীয়া জিলা দুখনত উগ্ৰপন্থীয়ে প্ৰায়ে নিশা গুলীবৰ্ষণত লিপ্ত হয়। মণিপুৰৰ মেইতী-কুকী সংঘাত পূৰ্বতে ৰাজ্যখনৰ আন ঠাইত কেন্দ্ৰীভূত হৈ আছিল। কিন্তু শেহতীয়াকৈ এই হিংসা অসমৰ কাষৰ সীমান্ত জিলা জিৰিবামলৈও স্থানান্তৰিত হৈছে, যাৰ ফলত স্থানীয় বিভিন্ন জনগোষ্ঠীৰ মাজত চাপ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে, ১৭ ছেপ্টেম্বৰত উগ্ৰপন্থীয়ে জিৰিবামৰ মংবাং মেইতেই গাঁৱত আক্ৰমণ চলাইছিল । গাঁওখনৰ স্বেচ্ছাসেৱক পহৰাদাৰ সকলোৱেও ওলোটাই গুলীচালনা কৰে। যদিও কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই, তথাপি, নিৰন্তৰ সংঘৰ্ষই এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কৰ্তৃপক্ষই পৰিস্থিতিটো কঠোৰভাৱে নিৰীক্ষণ কৰি আছে আৰু অঞ্চলটো সুস্থিৰ কৰি তুলিবলৈ গাঁৱৰ লোকসকলক নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে।
১৫ ছেপ্টেম্বৰত জিৰিবাম আৰক্ষী, চি আৰ পি এফ, আৰু অসম ৰাইফলছৰ এক যুটীয়া অভিযানৰ সময়ত মংবাং গাঁৱত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ এক বৃহৎ ভাণ্ডাৰ জব্দ হয় । এই অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ ঘটনাই সংঘাতৰ বৰ্ধিত সামৰিকীকৰণৰ দিৱটো প্ৰতিফলিত কৰিছে। লক্ষ্যনীয় ভাবে, জিলাখনৰ লালপানী, ৰছিদনগৰ, আৰু চম্পানগৰৰ দৰে অঞ্চলত সংঘৰ্ষৰত মেইতী-কুকীৰ জনসংখ্যা তাকৰ হোৱা স্বত্তেও হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে । এখন গাঁৱত এটা মৰ্টাৰ শ্বেলৰ আৱিষ্কাৰে বাসিন্দাসকলক অধিক আতংকিত কৰি তুলিছে।
এই মাহৰ আৰম্ভণিতে, বিষ্ণুপুৰত ৰকেট আক্ৰমণৰ পিছত জিৰিবামত হোৱা হিংসাত্মক ঘটনাত এজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৰ্ধিত সংকটৰ মোকাবিলা কৰিবলৈ এক জৰুৰীকালীন কেবিনেট বৈঠক আহ্বান কৰে।