খ্ৰীষ্টান মিছনেৰীসকলে যোৱা কিছুদিন ধৰি কাটনীত অধিক সক্ৰিয় হোৱা দেখা গৈছে । বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বাবে শিশুসকলক বিভিন্ন ধৰণৰ প্ৰলোভ্ন দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াক লৈ শিশুসকলেও এই সন্দৰ্ভত অভিযোগ উৎথাপন কৰিছে।
মধ্যপ্ৰদেশৰ কাটনীত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ তথ্য পোহৰলৈ আহিছে। খ্ৰীষ্টান মিছনেৰীসকলে যোৱা কিছুদিন ধৰি কাটনীত অতি সক্ৰিয়ভাৱে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বাবে শিশুসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া পৰিলক্ষিত হৈছে । শিশুসকলে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে । বিষয়টোত শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ প্ৰিয়ংকা কানুংগোৱে অভিযোগ লাভ কৰাৰ পিছতে বিষয়টোৰ সন্দৰ্ভত কাটনি জিলাত পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত পোহৰলৈ আহে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিষয়টো । তাৰ পিছত ইয়াকলৈ আৰক্ষীক এজাহাৰ দিয়া হৈছে। আনকি,
বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বাবে শিশুসকলক হাৰাশাস্তি কৰা হৈছিল !
কাটনি জিলাৰ ঝিনঝাৰীত অৱস্থিত এটা মিছনেৰী সংগঠনৰ ওপৰত অভিযোগ উত্থাপন হৈছে, যে য’ত শিশুসকলক পঢ়া-শুনা, প্ৰাৰ্থনা আৰু খেলৰ সময়ত হাৰাশাস্তি কৰা হৈছে। শিশুসকলক খ্ৰীষ্টান প্ৰাৰ্থনা বলপূৰ্বকভাৱে শিকোৱা হৈছে।
আয়োগৰ অধ্যক্ষ প্ৰিয়ংকাইও শিশুসকলৰ পৰা খ্ৰীষ্টান ধৰ্মৰ বিভিন্ন কিতাপ লাভ কৰিছে। ইয়াৰ বাহিৰেও হিন্দু জনজাতি আৰু দলিত শিশু সকলে জনোৱা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিদিনে খ্ৰীষ্টান ধৰ্মৰ বাবে বিভিন্ন ধৰণৰ প্ৰাৰ্থনা কৰিবলৈ বাধ্য কৰোৱা হৈছে ।
শিশুৰ ব্যক্তিগত নথি-পত্ৰক লৈও বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰা হৈছে
পৰিদৰ্শনৰ সময়ত আয়োগৰ অধ্যক্ষই শিশুসকলৰ ব্যক্তিগত নথি-পত্ৰৰ লগতে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰাৰ প্ৰমাণ পোৱা গৈছে ৷ তেওঁলোকক অত্যাৱশ্যকীয় বস্তু, ঔষধ আদিও যোগান ধৰা নহয় । আৰু ইয়াক লৈয়ে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়ংকে এফ আই আৰ পঞ্জীয়ন কৰিবলৈ থানাত উপস্থিত হয়। অভিযোগ অনুসৰি দীপাৱলীৰ দিনা শিশুসকলক খ্ৰীষ্টান ধৰ্মৰ প্ৰাৰ্থনা কৰিবলৈ বাধ্য কৰা হৈছিল।
সভানেত্ৰী প্ৰিয়ংকা কানুংগোৱে লগতে কয় যে বিভাগীয় বিষয়াগৰাকীও এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত আছে । জিলাখনৰ ঝিনঝাৰি অঞ্চলত অৱস্থিত এটা মিছনেৰী সংগঠনে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বাবে চাৰিজনকৈ শিশুক হাৰাশাস্তি কৰা হৈছিল। বিষয়টোৰ ভয়াবহতা দেখি আয়োগৰ অধ্যক্ষ প্ৰিয়ংকা কানুংগো আপাততঃ কাটনীতে থাকি তদন্ত আৰম্ভ কৰিবলৈ লয় । মাধৱনগৰত উপস্থিত হোৱা আৰক্ষী বিষয়াসকলে জনোৱা মতে, এই গোটেই বিষয়টোৰ প্ৰতিবেদন পঞ্জীয়ন কৰাৰ পিছত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ কৰা হব বুলি আশ্বাস প্ৰদান কৰে ।