
মহানগৰীৰ হেৰিটেজ ফাউণ্ডেচনত ৺শুক্লেশ্বৰ মেধি স্মৃতিচাৰণ সভা

আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী, কৃতি শিক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তদানীন্তন বিভাগ কার্যবাহ শুক্লেশ্বৰ মেধিৰ স্মৃতিচাৰন সভা এখন মহানগৰীৰ উজান বজাৰৰ হেৰিটেজ ফাউণ্ডেচনত সোমবাৰে আয়োজন কৰা হয়৷ লোহিত প্ৰকাশনৰ উদ্যোগত আয়োজিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যিক পৰ্যটন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাই৷ সভাত কলিতাৰ লগতে প্ৰয়াত শুক্লেশ্বৰ মেধি গুনৰাজি তথা সাংগঠনিক দক্ষতাৰ স্মৃতিচাৰন কৰে বিদ্যা ভাৰতীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মনেশ্বৰ ৰাজবংশী তথা সাংবাদিক সন্দীপ বৰ্মনে৷ সভাখনত সাম্প্ৰতিক আফগানিস্থানৰ সংকট তথা ভাৰতত ইয়াৰ প্ৰভাৱ সম্পৰ্কতো আলোচনা কৰা হয়৷ ক’ভিড বিধিৰ বাধ্যবাধকতাৰ বাবে সীমিত লোকৰ উপস্থিতিত অনুষ্ঠুপীয়াকৈ এই সভা আয়োজন কৰা হয়৷ প্ৰয়াত সমাজকৰ্মীগৰাকীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলেনেৰ আৰম্ভ হোৱা অনুষ্ঠানটো জাতীয় সংগীত পৰিবেশনেৰে সামৰা হয়৷ উল্লেখযোগ্য যে, ২০০৫ চনত নিজ বিদ্যায়লৰ সম্মুখতেই উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল মেধিক৷