বিশ্ব সংবাদ কেন্দ্ৰ, অসম, ২৮ ফেব্ৰুৱাৰী : ধৰ্মান্তৰিতকৰণে যি সময়ত সমগ্ৰ দেশ তথা ৰাজ্যত সামাজিক সংকটৰ সৃষ্টি কৰিছে সেই সময়তে মৰিগাঁও জিলাৰ জাগীৰোডৰ তিৱাচোং গাঁৱৰ ১১টা পৰিয়ালে আদর্শ দাঙি ধৰিছে। পিতৃ-মাতৃ তথা পূৰ্বপুৰুষৰ দিনৰে পৰা দীক্ষিত হৈ অহা খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্মলৈ উভতি আহিছে।
বহু বছৰ পূৰ্বে খ্ৰীষ্টান ধৰ্মত দীক্ষা গ্ৰহণ কৰা এইসকল লোকে পুনৰ ভাৰতীয় ধৰ্ম- সংস্কৃতিৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ লগতে স্ব-ধৰ্ম গ্ৰহণ কৰিছে। সেই অনুসৰি তিৱা ভাষা-সংস্কৃতি সভাৰ উদ্যোগত আজি জাগীৰোডৰ ১১টা পৰিয়ালৰ মুঠ ৪৩গৰাকী লোক স্ব-ধৰ্মলৈ উভতি আহে। সম্পূর্ণ তিৱা জনগোষ্ঠীয় ৰীতি- নীতিৰে তিৱা ৰাজ পৰিষদে আজি উদ্ধাৰ পৰ্ব সম্পন্ন কৰে। আনহাতে নিজৰ ধৰ্মলৈ উভতি আহি অত্যন্ত সুখী বুলি উল্লেখ কৰিছে এইসকল তিরা জনগোষ্ঠীয় পৰিয়ালে। এতিয়াৰে পৰা এই পৰিয়ালসমূহে স্বধৰ্ম ৰক্ষা কৰি চলিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
ইফালে আজি হোৱা এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ কেয়াঁবাট গাঁৱৰো ১১টা পৰিয়ালৰ ৭০ জন লোক খীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ উভতি আহে। আনহাতে ধৰ্মান্তৰিত হোৱা এই পৰিয়ালকেইটাক নিজ ধৰ্মলৈ ওভোটাই অনাৰ ক্ষেত্ৰত তিৱা ৰাজপৰিষদে লোৱা যোগাত্মক ভূমিকাৰো শলাগ লৈছে সচেতনমহলে। উল্লেখযোগ্য যে বিগত কিছুদিনত মৰিগাঁও, কাৰ্বি-আংলং, কামৰূপ জিলাৰ মুঠ ১৩২ গৰাকী তিৱা জনগোষ্ঠীৰ লোকে খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্মলৈ উভতি আহিছে। ইয়াৰে ১৯ জন কামৰূপ মহানগৰ জিলাৰ তিৱা জনগোষ্ঠী লোক স্ব-ধৰ্মলৈ ঘূৰি আহিছে। সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতিৰ উদ্যোগতো আজি কার্বি-আংলঙত খৃষ্টান ধৰ্মৰ পৰা তিৱা, কাৰ্বি ধৰ্ম- সংস্কৃতিলৈ উদ্ধাৰ কৰা পূজা সম্পন্ন কৰা হয়।