বিশ্ব সংবাদ কেন্দ্ৰ, অসম, ৬ মাৰ্চ :সত্ৰনগৰী বৰপেটাৰ বাটে ঘাটে এতিয়া কেবল হোলীৰ ৰোল ৷ বৰপেটাৰ বতাহত মাথো হোলীগীতৰেই গুঞ্জন ৷ চৌদিশ জুৰি ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰীৰ আকাশ, বৰপেটাৰ বতাহ ৷ দৌল মহোৎসৱ উপলক্ষে পুৱাৰ পৰাই উখল-মাখল সত্ৰনগৰী বৰপেটা ৷ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুন্ঠপুৰী, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত আৰম্ভ হৈছে এক উখল মাখল পৰিবেশ ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভীৰ কৰিছে বৰপেটা সত্ৰত ৷ ইপিনে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত হয় এক ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগীতা ৷ ‘মুকলি পথত হোলীগীত’ শীৰ্ষক এই প্ৰতিযোগীতা উপভোগ কৰিবলৈ আজি লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰী বৰপেটাৰ বাট পথ ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মূখত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিচতেই এটাৰ পিচত আনটো হোলীগীতৰ দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে বৰপেটা ধাম ৷ মুকলি পথত হোলীগীত প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহন কৰে জনপ্ৰিয় কণ্ঠ শিল্পী তথা অভিনেত্ৰী ডিপলিনা ডেকা, আৰু জনপ্ৰিয় ইউটুৱাৰ ডিম্পু বৰুৱা ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত আৰম্ভ হোৱা মুকলি পথত হোলীগীত প্ৰতিযোগীতা উদ্বোধনৰ পিছতে হোলীগীত প্ৰতিযোগীতাত অংশগ্ৰহণকাৰী দল সমূহে বাটে বাটে হোলী গীত পৰিবেশন কৰি বৰপেটা চহৰৰ মুল পথ পৰিভ্ৰমন কৰি বৰপেটা প্ৰেছ ক্লাবত উপস্থিত হয় ৷ এই সময়চোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য ,অভাৱনীয়, মন প্ৰাণ উতলা কৰি তোলা পৰিবেশৰ ৷
ইপিনে জনপ্ৰিয় কণ্ঠ শিল্পী তথা অভিনেত্ৰী ডিপলিনা ডেকা, আৰু জনপ্ৰিয় ইউটুৱাৰ ডিম্পু বৰুৱাই বাটে বাটে হোলীগীত প্ৰতিযোগিতাত অংশগ্ৰহন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে ৷