ডিজিটেল ডেস্ক : ৰাজ্যত আজি ৩য় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব । উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই প্ৰতিটো কেন্দ্ৰত নাগৰিকসকলে ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । আনহাতে ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই ভোটদান কৰে কোকৰাঝাৰৰ ইউ পি পি এলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী। লগতে বঙাইগাঁৱত ভোটদান সাব্যস্ত কৰে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । ইফালে গুৱাহাটীতো দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অতুল বৰাই পুৱাই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰে। ইয়াৰোপৰি দিছপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ মহন্তকে ধৰি পূৱ গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী অসীমা বৰদলৈয়ে ভোটদান কৰে ।পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰ লগতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজৰ ভোট সাব্যস্ত কৰে ।