Historic Book Release Highlights India-Myanmar Cultural Ties at 1st International Tai Youth Festival
ডিব্ৰুগড়, ২২ জানুৱাৰী– বিশেষ সময়ৰ সাক্ষী হৈ ৰ’ল প্ৰথম আন্তৰ্জাতিক তাই যুৱ উৎসৱ। ম্যানমাৰৰ বিখ্যাত লেখক চাই ছান আইকৰ গ্ৰন্থ “বেছিক হিষ্ট্ৰী অৱ মাল্টিৰেছিয়েল বাৰ্মা: ইণ্ডিয়ানাইজেচন এণ্ড বাৰ্মানাইজেচন” পুথিখন মহোৎসৱত উন্মোচন কৰা হয়। লাঙি গদাপাণি ক্ষেত্ৰত অনুষ্ঠিত এই ভব্য অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে আৰু ভাৰত-ম্যানমাৰৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰে।
অনুষ্ঠানত উপস্থিত লেখক চাই ছান আইকে বৰ্তমানৰ ম্যানমাৰ (পূৰ্বৰ বাৰ্মা)ত প্ৰাচীন হিন্দু প্ৰভাৱৰ বিষয়ে এক সুগভীৰ বৰ্ণনা আগবঢ়ায়। তেওঁ উল্লেখ এই প্ৰভাৱ আজিও বিদ্যমান, যিয়ে দুয়োখন ৰাষ্ট্ৰৰ যৌথ ঐতিহ্যক অধিক শক্তিশালী কৰে।
অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ, দক্ষিণ-পূৱ এচিয়া বিষয়ৰ গৱেষক ডঃ সুনীল মহান্তিয়ে ভাৰতৰ প্ৰাচীন সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্কৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে, ভাৰতৰ লিপি, ধৰ্মগ্ৰন্থ, আধ্যাত্মিকতা, শিল্প আৰু কাৰুশিল্পৰ সমৃদ্ধ ঐতিহ্য আজিও অঞ্চলটোৰ সংস্কৃতিত গভীৰভাৱে সংপৃক্ত হৈ আছে।
অনুষ্ঠানত অসমৰ পৰিবহন আৰু জনজাতি দপ্তৰৰ মন্ত্ৰী শ্ যোগেন মহনে পুথিখনক এখন গুৰুত্বপূৰ্ণ বৌদ্ধিক অৱদান বুলি প্ৰশংসা কৰে। এই গ্ৰন্থখনে দুয়োখন দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ গভীৰতাৰ আভাস দি ভাৰতৰ “এক্ট ইষ্ট পলিচি”ক শক্তিশালী কৰিব বুলি মন্ত্ৰী মহনে উল্লেখ কৰে।
অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক ইবিএছ পাব্লিছাৰ্ছৰ বিজয় শর্মাইও অংশ লয়।
“বেছিক হিষ্ট্ৰী অৱ মাল্টিৰেছিয়েল বাৰ্মা: ইণ্ডিয়ানাইজেচন এণ্ড বুৰ্মানাইজেচন” পুথিখনে ভাৰত আৰু ম্যানমাৰৰ আন্তঃসংযুক্ত ইতিহাসক জনসমক্ষলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে দুয়োখন দেশৰ সাংস্কৃতিক সংযোগ অধিক মজবুত কৰিবলৈ সহায় কৰিব।
