বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰণা পজিটিভ ।
সমগ্ৰ বিশ্বতে কৰণা মহামাৰীৰ সংক্ৰমণ চলি থকা সময়তে অসমৰ এটা বিধান সভা সমষ্টিত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
কাৰণ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা সংক্ৰমিত হৈছে কৰণাত ।
আৰু তাকে লৈয়ে বিধান সভা সমষ্টিটোত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
কৰণা মহামাৰীৰ এই সময়ত ৰাজ্যত লকডাউন আৰম্ভ হোৱাৰে পৰা বিধায়ক জনে দিন ৰাতি একাকাৰ কৰি সমষ্টিৰ ৰাইজৰ বাবে বিভিন্ন ধৰণৰ সেৱা কাৰ্য্য চলাই আছিল । বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণত নিজকে নিয়োগ কৰিছিল । সমষ্টিবাসীৰ সেৱা আগবঢ়াই নিজেই আক্ৰান্ত হল কৰণা মহামাৰীত ।
বিধায়ক জনে যোৱা ২৬ জুনৰ দিনা ব্ৰহ্মপুত্ৰ পাৰত মথাউৰী পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিষয়া সকলৰ লগত এখন বৈঠকত মিলিত হৈছিল ।
বৈঠক শেষ কৰি তেওঁ পোনে পোনে গুৱাহাটীলৈ ঘূৰি আহিছিল কিন্তু গুৱাহাটীলৈ ঘূৰি আহিয়েই বিধায়কজন ভীষণ জ্বৰত আক্ৰান্ত হয় ।
আৰু মঙ্গলবাৰে
বিধায়ক জনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।
বুধবাৰে বিধায়কজনৰ ফলাফল পজিটিভ আহে ।