সাম্প্রতিক কভিড পৰিস্থিতিৰ জটিলতাৰ বাবে শক্তিপীঠ কামাখ্যাধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷ ইয়াৰ পৰিৱৰ্তে পৰম্পৰাগতভাৱে বৈদিক ৰীতি–নীতিৰে অম্বুবাচীৰ পূজা অর্চনা কৰা হ’ব বুলি কামাখ্যা মন্দিৰৰ দলৈ মোহিত শর্মাই জানিবলৈ দিছে৷
এইবাৰ অম্বুবাচীৰ প্রবৃত্তিৰ সময় ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত৷ নিবৃত্তিৰ সময় ২৬ জুনৰ পুৱতি নিশা ২ বজাতি ২৯ মিনিট ৯ ছেকেণ্ডত। উল্লেখ্য, ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অম্বুবাচীত ভক্ত–দর্শনার্থীক মন্দিৰত পূজা অর্চনা আগবঢ়াব নোৱাৰিব বুলি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷
২২ জুনৰ দুপৰীয়া কামাখ্যা মন্দিৰৰ মূল প্রৱেশদ্বাৰ বন্ধ কৰি দিয়া হ’ব৷ নিবৃত্তিৰ শেষত পূজা অর্চনাৰ অন্ততঃ কামাখ্যা মন্দিৰৰ প্রৱেশদ্বাৰ খোলা হ’ব যদিও ভক্ত দর্শনার্থীয়ে পূজা অর্চনা আগবঢ়াব নোৱাৰিব বুলি দলৈ মোহিত শর্মাই জানিবলৈ দিছে৷